NORTHEAST NOW (Assamese)
অসম

বিহুৰ পাছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন : ঘোষণা নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ বৰাৰ

Posted by: এন ই নাও নিউজ March 19, 2018 9:34 pm
Assam-gram-panchayat-election

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্যিক নিৰ্বাচনী আয়োগ। বিহুৰ ঠিক পাছতে অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই কথা ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ বৰাই।

তেওঁ লগতে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

আনহাতে অহা মে মাহৰ ভিতৰত সকলো নিৰ্বাচনী কাম-কাজ সম্পূৰ্ণ হ’ব বুলিও জানিবলৈ দিয়ে নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ বৰাই।

পঞ্চায়ত নিৰ্বাচনত মুঠ ১৪৫ কোটি টকা ধাৰ্য কৰা হৈছে। এই সম্পৰ্কত জিলা সমূহলৈ মনোনয়ন পত্ৰ আৰু বেলট কাগজ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে নিৰ্বাচনী আয়ুক্তগৰাকীয়ে।

উল্লেখ্য যে অহা ১৬ জুলাইত ৰাজ্যৰ পঞ্চায়ত সমূহৰ কাৰ্যকাল অন্ত পৰিব।

ৰাজ্যত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে সকলো ৰাজনৈতিক দলে নিজ নিজ দলীয় প্ৰচাৰত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

লক্ষ্যণীয় যে শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টী আৰু চৰকাৰৰ মিত্ৰদল অগপই পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ মিত্ৰতা নকৰে বুলি স্পষ্ট কৰাৰ পাছতেই দুয়োটা দলৰ কৰ্মীয়ে পঞ্চায়ত দখল কৰাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।

সেয়ে অগপ আৰু বিজেপি দলে সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’লে লক্ষ্যণীয় হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন।

ইফালে আজি কেমেৰাৰ সন্মুখতে ধন দাবী কৰি হাতে লোটে ধৰা পৰে ৰঙিয়াৰ এগৰাকী পঞ্চায়ত সচিব।

এটা ফাইলত চহী কৰীৰ বাবদ উৎকোচ লৈ ধৰা পৰা জয়কান্ত কলিতা নামৰ পঞ্চায়ত সচিব জনক ইতিমধ্যে নিলম্বন কৰা বুলি জানিব পৰা গৈছে।