অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ১৮ মাৰ্চত মন্ত্ৰী অতুল বৰাৰ বোকাখাতস্থিত বাসগৃহত এখন দলীয় সভা অনুষ্ঠিত হৈ যায় ৷
অসম গণ পৰিষদ দলৰ বোকাখাত জিলা সভাপতি জগত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী অতুল বৰাই সকলো দলীয় কৰ্মীক সাংগঠনিক দিশত আন্তৰিকতাৰে মনোনিৱেশ কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো দলীয় কৰ্মীকে সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ যোৱাৰ বাবে আহ্বান জনায় ৷
এই সভাতে বোকাখাত জিলা সমিতিৰ অন্তৰ্গত ২০ খন আঞ্চলিকত সাংগঠনিক সভা ২৩ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ লগতে জিলা পৰ্যবেক্ষকো নিযুক্ত দিয়া হয় ৷
একেদৰে ২৫ মাৰ্চত বোকাখাত সমষ্টিৰ ২০০ খন দলীয় বুথ কমিটিৰ সভা নিজ নিজ এলেকাত অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহন কৰে৷ সভাই ২৭ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে ঘৰে ঘৰে প্ৰচাৰ আৰু সদস্য ভৰ্তি শীৰ্ষক এক অভিযান চলোৱাৰো সিদ্ধান্ত লয়।
সভাত অসম গন পৰিষদ দলৰ বোকাখাত জিলা সমিতিৰ ২১ খন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক , মহিলা পৰিষদ, যুৱ পৰিষদ, চাহ কোষ, সংখ্যালঘূ পৰিষদ, নিৰ্বাচনী সমিতি আৰু সমষ্টি সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে ৷
এই সভাতে সুৰেন গগৈ, সঞ্জীৱ শৰ্মা, সঞ্জীৱ শইকীয়া আৰু শংকৰ সেনাপতিক লৈ অসম গণ পৰিষদ দলৰ বোকাখাত জিলাৰ এক মেডিয়া কোষ গঠন কৰা হয়।