NORTHEAST NOW (Assamese)
অসম

আজি ফাগুণৰ প্ৰথমটো বুধবাৰ : দিচাংমুখত মিছিংসকলৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং পালন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ February 17, 2021 4:43 pm
index

আজি ফাগুনৰ প্ৰথম বুধবাৰ। প্ৰতি বছৰৰ দৰে আজিও মিছিং সকলৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং পালন কৰা হয় দিচাংমুখৰ বিভিন্ন অঞ্চলত।

প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

আলি আয়ে লৃগাং পালন উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ হিচাপে পালন কৰে মিছিং জনগোষ্ঠীয় লোকসকলে।

প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিং সকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবলৈ বাবে প্ৰস্তাৱ আগবঢ়াইছিল আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

আজি পৰম্পৰা ৰক্ষা কৰি দিচাংমুখৰ আফলা গাঁৱৰ সকলো গঞাই মিলি উদযাপন কৰিছে কৃষিভিত্তিক লোক উৎসৱ আলি আয়ে লৃগাং।

আলি আয়ে লৃগাং পবিত্র উৎসৱৰ লগত সংগতি গুমৰাক নৃত্যৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ ৰোপণ কৰিছে গঞাই।