NORTHEAST NOW (Assamese)
অসম

পুনৰ আই পি এলৰ মুখ্য স্পোনছৰলৈ উভতিল VIVO

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2021 5:05 pm

পুনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুখ্য স্পোনছৰলৈ উভতিল চীনৰ মোবাইল ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভিভোই।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ গভৰ্নিং কাউন্সিলৰ সচিৱ ব্ৰিজেশ পেটেলে বৃহস্পতিবাৰে ভিভোই ২০২১ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুখ্য স্পোনছৰ হিচাপে থাকিব বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ভিভোক আই পি এলৰ মুখ্য স্পোনছৰৰ পৰা নিলম্বিত কৰিছিল।

মূলত চীন আৰু ভাৰতৰ মাজত সেই সময়ত সীমান্তত বৃদ্ধি পোৱা উত্তেজনাময় পৰিস্থিতিৰ পাছতে ভিভোক আই পি এলৰ স্পোনছৰশ্বিপৰ পৰা আঁতৰোৱা হৈছিল।

ভিভোৰ স্থানত ড্ৰীম-১১য়ে ২০২০ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুখ্য স্পোনছৰৰ দায়িত্ব লাভ কৰিছিল।

ক’ৰ’না মহামাৰীৰ বাবে ২০২০ বৰ্ষৰ আই পি এল পলমকৈ ভাৰতৰ বাহিৰত য়ু এ ইত অনুষ্ঠিত হৈছিল।

ইপিনে, আজি চেন্নাইত আই পি এলৰ নিলাম অনুষ্ঠিত হৈ আছে। দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছে এইবাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ১৬.২৫ কোটি টকাত ৰাজস্থান ৰোয়েলছত চুক্তিবদ্ধ হৈছে।