NORTHEAST NOW (Assamese)
অসম

মালালাক পুনৰ হত্যাৰ ভাবুকি দিলে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে, ইমৰাণ খানক জবাবদিহি কৰিলে ন’বেল প্ৰাপকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2021 5:08 pm
MACK106-126_2018_234710

সন্ত্ৰাসবাদীৰ সমান্তৰাল শাসন চলি থকা পাকিস্তানত প্ৰায় ৯ বছৰ পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল এগৰাকী ১৫ বছৰীয়া কিশোৰী ।

দেশ খনত তালিবানৰ বাধাকো নেওচি সেই গৰাকী কিশোৰীয়ে স্ত্ৰী শিক্ষাৰ হকে দেহে কেহে খাটিছিল।তেওঁ আছিল মালালা ইউছুফজাই।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যোৱাৰ বাবেই ২০১২ চনত মালালাৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছিল প্ৰাণঘাতী আক্ৰমণ।

মালালাৰ চকুৰ কাষৰে গুলি পাৰহৈ গৈ কান্ধত আঘাত কৰিছিল। সেইবাৰলৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল মালালাৰ।

তেতিয়াৰে পৰাই বিদেশত আশ্ৰয় গ্ৰহণ কৰি থকা মালালালৈ আহিছে পুনৰ মৃত্যুৰ ভাবুকি।

তেহৰিক-ই-তালিবান পাকিস্তানৰ প্ৰাক্তন মুখপাত্ৰ এহচানে টুইটাৰত মালালাক ভাবুকি দি কৈছে যে প্ৰথমবাৰ বাচি গ’লেও দ্বিতীয়বাৰ আৰু ভুল হ’বলৈ দিয়া  নহ’ব ।

মালালাক এনেদৰে ভাবুকি দিয়াৰ পিছতে টুইটাৰে সন্ত্ৰাসবাদী জনৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিছে।

উল্লেখ্য পাক চৰকাৰৰ উদাসীনতাৰ সুযোগ লৈ যোৱা বছৰৰ জানুৱাৰী মাহত পাকিস্তানৰ কাৰাগাৰৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল এহচান।

মৃত্যুৰ ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মালালাই পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক কঠোৰ সমালোচনা কৰিছে।

সন্ত্ৰাসবাদী জনে কিদৰে কাৰাগাৰৰ পৰা পলাই যাবলৈ সক্ষম হ’ল সেয়া ৰহস্যৰ বিষয় বুলি মালালাই মন্তব্য কৰিছে। তেওঁ ইয়াৰ বাবে ইমৰাণ খানক জবাবদিহিও কৰিছে।