NORTHEAST NOW (Assamese)
অসম

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টী-২০দলত সুযোগ সূৰ্যকুমাৰ, ইশান কিষাণ, তেওৱাটিয়াক; উভতিল পন্টো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 10:16 am
Indian team for t20 against England

ৰাষ্ট্ৰীয় ক্ৰিকেট দলত খেলাৰ সুযোগ লাভ কৰিছে কেইবাগৰাকীও তৰুণ ক্ৰিকেটাৰে। ইয়াৰ ভিতৰত আছে ঘৰুৱা ক্ৰিকেট তথা আইপিএলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মুম্বাইৰ সূৰ্যকুমাৰ যাদৱো।

ইংলেণ্ডৰ বিৰুদ্ধে ঘোষণা কৰা টী-২০ দলত স্থান লাভ কৰিছে সূৰ্যকুমাৰ যাদৱে।

ইপিনে, আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰাহুল তেওৱাটিয়াইয়ো দলত স্থান পাইছে।

শেহতীয়াকৈ বিজয় হাজাৰে ট্ৰফীত ১১টা ছয় আৰু ১৯টা চাৰিৰে ১৭৩ৰাণৰ বিস্ফোৰক ইনিংছ খেলা ইশান কিষাণেও পাইছে সুযোগ।

শেহতীয়া আইপিএলত আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰা কলকাতা নাইট ৰাইডাৰ্ছৰ বৰুণ চক্ৰৱৰ্তীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় টী-২০দলত স্থান পাইছিল যদিও আঘাতৰ বাবে খেলিব নোৱাৰিলে। আঘাতৰ পৰা মুক্ত হোৱাৰ পাছত এইবাৰ বৰুণকো ইংলেণ্ডৰ বিৰুদ্ধ ঘোষণা কৰা টী-২০দলত অন্তৰ্ভুক্ত কৰা হৈছে।

আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণত চমক সৃষ্টি কৰা আৰু ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত দেখুওৱা প্ৰদৰ্শনৰ পাছত টী-২০দললৈ উভতিছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্টো।

ভাৰতৰ টী-২০ দলটোঃ বিৰাট কোহলি (অধিনায়ক), ৰোহিত শৰ্মা (উপ অধিনায়ক), লোকেশ ৰাহুল, শিখৰ ধাৱান, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ট (উইকেটকীপাৰ), ইশান কিষাণ (উইকেটকীপাৰ), যুজবেন্দ চাহাল, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰাহুল তেওৱাটিয়া, টি নটৰাজন, ভুৱনেশ্বৰ কুমাৰ, দীপক চাহাৰ, নৱদীপ চাইনী আৰু শাৰ্দুল ঠাকুৰ।