পিতৃ ৰাজ্যৰ শ্ৰমমন্ত্ৰী: পুত্ৰই আবেদন কৰি লাভ কৰিলে পিয়ন পদবীৰ চাকৰি

পিতৃ এখন ৰাজ্যৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী। সেই সূত্ৰ পুত্ৰই একাধিক সুবিধা লাভ কৰাৰ সুযোগ পায়। সমান্তৰালকৈ সুযোগ লভে ৰাজনীতিৰ পথ অনুসৰণৰো। কিন্তু পুত্ৰ ইচ্ছুক নহয় পিতৃপ্ৰদত্ত পথ অথবা সুখ-স্বাচ্ছন্দময় জীৱন গ্ৰহণৰ বাবে।
সেয়ে মন্ত্ৰী পুত্ৰ হৈয়ো ৰাজনৈতিক ভৱিষ্যত তথা স্বাচ্ছন্দময় জীৱন একাষৰীয়া কৰি পৰিয়ালৰ বিৰোধিতা সত্ত্বেও পিয়নৰ চাকৰিৰ বাবে তেওঁ আবেদন কৰিলে আৰু অৱশেষত চাকৰিটোৰ বাবে নিৰ্বাচিতও হ’ল।
এতিয়া চাকৰিত যোগদানৰ তাৰিখ ঘোষণা হোৱালৈ অপেক্ষা কৰিছে তেওঁ। এই ঘটনা ঝাৰখণ্ডৰ। ৰাজ্যৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী তথা আৰজেডিৰ বিধায়ক সত্যানন্দ ভোকতাৰ পুত্ৰ মুকেশ কুমাৰে লাভ কৰিছে পিয়নৰ চাকৰি।
এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে। জানিব পৰা মতে, চতৰা অসামৰিক আদালতত পিয়নৰ চাকৰিৰ বাবে তেওঁ আবেদন কৰিছিল। পৰীক্ষাত উত্তীৰ্ণ হৈ সাক্ষাৎকাৰ দিলে মুকেশ কুমাৰে।
আশাব্যঞ্জকভাৱেই তেওঁ এই পদৰ বাবে নিৰ্বাচিত হয়। লক্ষণীয়ভাৱে এই পদত নিযুক্তি দিয়া হৈছে মুঠ ১৯ জন লোকক। অনুসূচিত জনজাতিৰ সংৰক্ষণৰ আধাৰত তেওঁক এই পদৰ বাবে নিৰ্বাচিত কৰা হয়।
মন্ত্ৰীগৰাকীৰ পুত্ৰৰ উপৰিও ভতিজা ৰামদেৱ ভোকতায়ো এই পদৰ বাবে আৱেদন কৰিছিল। তেওঁৰ নামো আছে চাকৰি প্ৰত্যাশীৰ ৱেইটিং লিষ্টত। যদি চৰ্টলিষ্ট কৰা ১৯ জন প্ৰাৰ্থীৰ কোনোৱে যোগদান নকৰে তেন্তে ৱেইটিং লিষ্টত থকা প্ৰাৰ্থীয়ে তেওঁলোকৰ ঠাইত সুযোগ পাব।
ইফালে চাকৰি লাভ কৰাৰ পিছতে মন্ত্ৰীপুত্ৰ মুকেশে কয় যে পিয়নৰ চাকৰি কৰাত একো সমস্যা নাই। যোগদানৰ তাৰিখ ঘোষণা হ’লেই তেওঁ এই চাকৰিত যোগদান কৰিব বুলিও নিশ্চিতি দিয়ে।
উল্লেখ্য যে, মুকেশে কলা বিভাগৰ স্নাতক ডিগ্ৰী অৰ্জন কৰিছে। বিগত বৰ্ষত তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল।এগৰাকী মন্ত্ৰীৰ পুত্ৰ হৈয়ো এইদৰে চতুৰ্থ বৰ্গৰ চাকৰিত যোগদান কৰি মুকেশ এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।