NORTHEAST NOW (Assamese)
দেশ

অযোধ্যাৰ গোচৰৰ সময়ত সমাধান বিচাৰি প্ৰতিদিনেই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ : ডি ৱাই চন্দ্ৰচুড়

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 21, 2024 9:10 pm

অযোধ্যাৰ গোচৰৰ সময়ত সমাধান বিচাৰি প্ৰতিদিনেই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ : ডি ৱাই চন্দ্ৰচুড়

অযোধ্যাত ৰাম জন্মভূমি বিবাদৰ গোচৰৰ শুনানিৰ সময়ত ভগৱানক প্ৰাৰ্থনা কৰিছিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। অতি জটিল আৰু বিতৰ্কিত গোচৰটোৰ ৰায়দান একেবাৰেই সহজ নাছিল। সেই গোচৰৰ শুনানি আৰু ৰায়দানৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ মনত কি চলি আছিল সেই কথা দেশবাসীৰ সৈতে ভাগ-বতৰা কৰিছিল। সেই সময়ত তেওঁ ভগৱানৰ ওচৰত যি প্ৰাৰ্থনা কৰিছিল, সেই কথা তেওঁ কৈছিল।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় এজন ঈশ্বৰক বিশ্বাসী ব্যক্তি। যোৱা দেওবাৰে মুখ্য ন্যায়াধীশগৰাকীয়ে এটি অভ্যৰ্থনা অনুষ্ঠানত হাজিৰ হৈ ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ ভূমি বিবাদৰ গোচৰৰ কথা উল্লেখ কৰে।

“মই বিশ্বাস কৰোঁ যে যদি কোনোবাই ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে ঈশ্বৰে তেওঁক সঠিক পথলৈ নিশ্চয়কৈ পৰিচালিত কৰিব। কেতিয়াবা এনেকুৱাও গোচৰ আহে য’ত আমি কোনো সমাধানৰ পথত উপনীত হ’ব নোৱাৰো। অযোধ্যা গোচৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। আমি তিনিমাহ ধৰি অতি জটিল পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হ’ল৷ মই প্ৰতিদিনে ঈশ্বৰৰ সন্মুখত বহি এই জটিল সমস্যাৰ সমাধান উলিয়াবলৈ তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ।” – এইদৰে কয় মুখ্য ন্যায়াধীশ গৰাকীয়ে।

এই মন্তব্যৰ পিছতে মুখ্য ন্যায়াধীশক ঠাট্টা-মস্কৰা কৰে কংগ্ৰেছ নেতা উদিত ৰাজে। এক্স হেণ্ডেলত তেওঁ লিখিছে, “যদি তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলেহেঁতেন যে দৰিদ্ৰ লোকসকলে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত বিনামূলীয়া বিচাৰ পাওক, তেন্তে সাধাৰণ জনতা লাভৱান হলহেঁতেন।”

উল্লেখ্য যে মোগলৰ দিনত অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল। হিন্দুসকলে দাবী কৰিছিল যে ৰাম মন্দিৰ ভাঙি এই মছজিদ নিৰ্মাণ কৰা হৈছে। এই গোচৰটো ৭০ বছৰতকৈও অধিক সময় আদালতত চলি আছিল। অৱশেষত ২০১৯ চনত ৰাম জন্মভূমিক উচ্চতম ন্যায়ালয়ে স্বীকৃতি দিয়ে। তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি ৫ জনীয়া বিচাৰপীঠে বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও বাবৰি মছজিদ নিৰ্মাণৰ বাবে অযোধ্যাত ৫ একৰ মাটি আবণ্টন দিয়া হয়। ডি ৱাই চন্দ্ৰচুড়ো উচ্চতম ন্যায়ালয়ৰ সেই বিচাৰপীঠৰ সদস্য আছিল।