NORTHEAST NOW (Assamese)
অসম

পাশৱিক! হোজাইত ৭ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা, বলাৎকাৰীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 11:30 am
a child

এক জঘন্য ঘটনাই জোকাৰি গৈছে হোজাইৰ লগতে সমগ্ৰ ৰাজ্যকে।

হোজাইৰ বৰহোলা গাঁৱত যোৱা নিশা মোমোয়েকৰ বিয়াত উপস্থিত থকা এটি ফুলকুমলীয়া কন্যা শিশুক এটা নৰাধমে বিয়াঘৰৰ পৰাই উঠাই নি বলাৎকাৰ কৰাৰ ঘটনা সংঘটিত হৈছে।

বলাৎকাৰী যুৱক জনে শিশুটিক বলাৎকাৰ কৰাতে ক্ষান্ত নাথাকি ঘটনাৰ চিন-মোকাম নোহোৱা কৰিবলৈ শিশুটিক বৰ্বৰ ভাবে হত্যাও কৰে।

যোৱা নিশাই সন্ধানহীন হৈ পৰা শিশুটিক বিচাৰি পৰিয়ালৰ লোকে চলাথ কৰে যদিও নিশা শিশুটিৰ কোনো সন্ধান পোৱা নগ’ল।

আজি পুৱা স্থানীয় লোকে বৰহোলা গাওঁৰ এখন পথাৰত শিশুটিৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে।

লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে তৎপৰতাৰে অনুসন্ধান চলাই গাঁও খনৰে জয়প্ৰকাশ ওৰফে মুন্না হালোৱা নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ আগত যুৱক জনে শিশুটিক বলাৎকাৰ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

স্থানীয় ৰাইজে বলাৎকাৰী যুৱক জনৰ ফাঁচীৰ দাবী জনাইছে। এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।