NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ত মুখথেকেচা ৰিলায়েন্স-ফিউচাৰ গ্ৰুপৰ চুক্তি! স্থগিতাদেশ জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 10:50 am
Reliance-Future Gruop deal and Amazan

উচ্চতম ন্যায়ালয়ত মুখথেকেচা খালে মুকেশ আম্বানিৰ ৰিলায়েন্স আৰু কিশোৰ বিয়ানিৰ ফিউচাৰ সংস্থাৰ মাজত হোৱা চুক্তিয়ে।

সংস্থা দুটাৰ মাজত ২৪হাজাৰ ৭১৩ কোটি টকাৰ চুক্তিখনত সৰ্বোচ্চ আদালতখনে আপাতত: স্থগিতাদেশ জাৰি কৰিছে।

আমেৰিকাৰ অনলাইন বিপণন সংস্থা এমাজনে এই চুক্তিৰ ফলত ব্যৱসায়িক নিয়ম উলংঘা কৰা হৈছিল বুলি সৰ্বোচ্চ আদালতখনত আবেদন জনাইছিল।

সোমবাৰে এই গোচৰৰ শুনানিত আদালতে চুক্তিখনৰ সন্দৰ্বত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে অৱশ্যে জনায় যে এই বিষয়ে কোম্পানীৰ ট্ৰিবিউনেলত শুনানি চলিব পাৰে। কিন্তু আদালতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰিব।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ তথা ফিউচাৰ গ্ৰুপৰ শ্বেয়াৰ আৰু বণ্ডৰ মূল্যত স্বাভাৱিকতে প্ৰভাৱ পেৱলোৱা দেখা গৈছে।

বাতৰি অনুসৰি, ফিউচাৰ গ্ৰুপৰ শ্বেয়াৰ মূল্য প্ৰায় ১০ শতাংশ হ্ৰাস পাইছে। বণ্ডৰ ক্ষেত্ৰতো এই প্ৰভাৱ পৰিছে। আনহাতে, ৰিলায়েন্সৰ শ্বেয়াৰৰ মূল্যও দুই শতাংশ হ্ৰাস পোৱা দেখা গৈছে।

বিভিন্নধৰণে ঋণগ্ৰস্ত হৈ পৰা ফিউচাৰ গ্ৰুপে ৰিলায়েন্সক তেওঁলোকৰ খুচুৰা ব্যৱসায় তথা সংশ্লিষ্ট আন্ত:গাঁথনি বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে যোৱা বছৰ আগষ্টত উদ্যোগ গোষ্ঠী দুটাৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল।

কিন্তু গোষ্ঠী দুটাৰ মাজত হোৱা চুক্তিত অসন্তুষ্টি ব্যক্ত কৰিছি ফিউচাৰ গ্ৰুপৰ অন্যতম অংশীদাৰ এমাজনে। চুক্তিখনত অসন্মতি প্ৰকাশ কৰি আমেৰিকাৰ অনলাইন সংস্থাটোৱে আদালতৰ দ্বাৰস্থ হৈছিল।

এমাজনৰ ফালৰ পৰা দাবী কৰা মতে ৰিলায়েন্সৰ সৈতে চুক্তি কৰাৰ সময়ত তেওঁলোকক ঘুণাক্ষৰেও একো জনোৱা হোৱা নাছিল।