NORTHEAST NOW (Assamese)
অসম

পুনৰ ভয়ংকৰ বিস্ফোৰণ কৰ্ণাটকত; কমেও ৬জন লোক নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 11:51 am
blast-cikkabalapra-1200x

পুনৰ এক ভয়ংকৰ বিস্ফোৰণে কঁপালে কৰ্ণাটক। এটি কোৱেৰি অঞ্চলত সংঘটিত এই বিস্ফোৰণৰ ঘটনাত কমেও ৬জন লোক নিহত হৈছে।

জানিব পৰা মতে, মঙলবাৰে পুৱতি নিশা কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাৰ এটা কোৱেৰিত ব্যৱহাৰ হোৱা জিলেটিন ষ্টিকৰ বিস্ফোৰণ ঘটে।

জিলেটিনসমূহ অবৈধভাৱে মজুত কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে হঠাতে বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ ফলত কমেও ৬জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি এছ য়াডুৰাপ্পাই ঘটনাৰ শীঘ্ৰে তদন্তৰ আশ্বাস দিছে আৰু অভিযুক্তসকলৰ বিৰুদ্ধ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাত শোক প্ৰকাশ কৰি টুইটাৰত লিখিছে,’’ কৰ্ণাটকৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱাত মই মৰ্মাহত হৈছো। মৃতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰেই প্ৰাৰ্থনা কৰিছো।‘’

ইতিমধ্যে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী তথা জিলাখনৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী ড০ কে সুধাকৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা জানুৱাৰি মাহত কৰ্ণাটকৰ এটা কোৱেৰিত বিস্ফোৰণ সংঘটিত হৈছিল। সেইবাৰ ভয়ংকৰ ডিনামাইট বিস্ফোৰণত শিবমোগাত কমেও ৮জন লোক নিহত হৈছিল।