NORTHEAST NOW (Assamese)
অসম

১৫ মে’ পৰ্যন্ত থাকিব Whatsapp ৰ নতুন নিয়মাৱলী মানি লোৱাৰ সময়; তাৰপাছত কি হ’ব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 2:49 pm
wp-video-call-main_013120124554-new-750x375

হোৱাটছএপে নতুন নিয়মাৱলীত ব্যৱহাৰকাৰীসকলক নটিফিকেশ্যন পঠাব। হোৱাটছএপত নতুন নিয়মাৱলী অনুসৰি নিজৰ একাউন্ট মচি পেলাব পাৰিব।

তদুপৰি, একাউন্টৰ ৰিপ’ৰ্ট ডাউনলোডকে ধৰি নিজৰ চ্যাট হিষ্ট্ৰী এক্সপ’ৰ্টো কৰিব পাৰিব।

যোৱা জানুৱাৰি মাহতে প্ৰাইভেচী পলিচি আনি শলঠেকত পৰে হোৱাটছএপ। য়ুজাৰসকলৰ বহুতেই হোৱাটছএপ এৰি আন প্লেটফৰ্মত যাবলৈ আৰম্ভ কৰে। কিয়নো য়ুজাৰসকলৰ ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰখাত ব্যৰ্থ হৈছিল ফেচবুক মালিকাধীন সংস্থাটোৱে।

ইয়াৰ পাছত কিছুদিনৰ বিৰতিৰ পাছত হোৱাটছএপে জানিবলৈ দিছে যে নতুন প্ৰচেষ্টাত আৰু নমনীয়ভাৱে কেই সপ্তাহৰ ভিতৰত এই বিষয়ত ব্যৱহাৰকাৰীসকলক নটিফিকেশ্যন পঠোৱা হ’ব।

লগতে কোৱা হয় যে চ্যাট কিম্বা শ্বপিঙৰ নতুন উপায় প্ৰস্তুত কৰা হৈছে যিটো সম্পূৰ্ণভাৱে ইচ্ছাধীন।

ব্যক্তিগত মেচেজ সকলো সময়তে সুৰক্ষিত থাকিব আৰু হোৱাটছএপে সেয়া পঢ়িব নোৱাৰিব।

নতুন নিয়মাৱলীৰ বিষয়ত সন্মতি দিবলৈ ব্যৱহাৰকাৰীসকলক ১৫ মে’ পৰ্যন্ত সময় দিয়া হ’ব। ইয়াৰ পাছত নতুন নিয়মাৱলীত সন্মতি নিদিলে হোৱাটছএপে মেচেজ বন্ধ কৰি দিব আৰু একাউন্ট নিষ্ক্ৰিয় হৈ পৰিব।