NORTHEAST NOW (Assamese)
অসম

ইৰাক আৰু চিৰিয়াৰ উত্তৰাঞ্চলত কুৰ্দি সন্ত্ৰাসবাদীৰ ঘাটিত তুৰ্কীৰ বিধ্বংসী বিমান আক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2022 9:18 am

তুৰ্কীৰ সামৰিক বাহিনীয়ে চিৰিয়াৰ আলেপ্পো আৰু হাচাকা প্ৰদেশৰ কেইবাখনো চহৰ আৰু গাওঁত বিমানেৰে বিধ্বংসী আক্ৰমণ চলাইছে। এই আক্ৰমণত সন্ত্ৰাসবাদী গোটৰ কমেও ৪০জন লোক নিহত আৰু ৮০ জনতকৈও অধিক আহত হোৱা বুলি অনুমান কৰা হৈছে।

দেওবাৰে ৰাতিপুৱা তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনায় যে তুৰ্কীৰ সামৰিক বাহিনীয়ে উত্তৰ চিৰিয়াত অবৈধ কুৰ্দি গেৰিলা গোটৰ ঘাটিত বিমান আক্ৰমণ চলাইছিল। তুৰ্কীয়ে দাবী কৰিছে যে কুৰ্দি গেৰিলাসকলৰ এই ঘাটিবোৰৰ পৰাই তুৰ্কীস্থানত আক্ৰমণ চলোৱা হয়।

ফটো: সংগৃহীত।

তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ৰাষ্ট্ৰসংঘৰ চনদ ৫১ নং অনুচ্ছেদ অনুসৰি তুৰ্কীৰ আত্মৰক্ষাৰ অধিকাৰ আছে আৰু সেই অনুসাৰে উত্তৰ ইৰাক আৰু চিৰিয়াত বিমান আক্ৰমণ কৰা হৈছে। কুৰ্দি সন্ত্ৰাসবাদীয়ে এই অঞ্চলসমূহৰ পৰাই তুৰ্কীৰ ওপৰত আক্ৰমণ চলাই আহিছে।

তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, দেশখনৰ সামৰিক বাহিনীয়ে চিৰিয়াত অবৈধ কুৰ্দিস্তান ৱৰ্কৰ্ছ পাৰ্টি বা পিকেকে আৰু কুৰ্দিছ ৱাইপিজি গেৰিলাসকলৰ ঘাটিসমূহত আক্ৰমণ চলাইছে। চিৰিয়াৰ ৱাইপিজি গেৰিলাসকলক তুৰ্কীয়ে পিকেকেৰ এটা শাখা বুলি গণ্য কৰে।

ফটো: সংগৃহীত।

যোৱা সপ্তাহত ইস্তাম্বুল চহৰত এক ভয়ংকৰ বোমা বিস্ফোৰণত কেইবাজনো লোক নিহত হোৱাৰ পিছত তুৰ্কীৰ সামৰিক বাহিনীয়ে উত্তৰ ইৰাক আৰু চিৰিয়াত এই বিমান আক্ৰমণ চলালে।