NORTHEAST NOW (Assamese)
অসম

লতা মংগেশকাৰক ‘ডটাৰ অফ দ্য নেশ্যন’ খিতাপেৰে সন্মানিত কৰিব চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 1:32 pm
72908-lkpdctnnnu-1509776670

নৰেন্দ্ৰ মোদী চৰকাৰে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক অহা ২৮ ছেপ্টেম্বৰত তেওঁৰ ৯০ সংখ্যক জন্মদিনত ‘ডটাৰ অফ দ্য নেশ্যন’ খিতাপেৰে সন্মানিত কৰাৰ পৰিকল্পনা কৰিছে।

সাত দশকজুৰি ভাৰতীয় চলচ্চিত্ৰ সংগীতত আগবঢ়োৱা তেওঁৰ অনবদ্য বৰঙণিৰ বাবে এই সন্মান আগবঢ়োৱা হ’ব। হিন্দুস্তান টাইমছে এই বাতৰি পৰিৱেশন কৰিছে।

উক্ত অনুষ্ঠানৰ বাবে কবি-গীতিকাৰ প্ৰসূন যোশীয়ে এটি বিশেষ গীতো ৰচনা কৰিছে।

এক বিশেষ সূত্ৰই জানিব দিয়া অনুসৰি, প্ৰধান মন্ত্ৰী মোদী ‘লতাজী’ৰ অত্যন্ত গুণমুগ্ধ তথা অনুৰাগী। ৰাষ্ট্ৰৰ কন্যা হিচাপে ‘ডটাৰ অফ দ্য নেশ্যন’ সন্মান তেওঁক আগবঢ়োৱা হ’ব। আনুষ্ঠানিকভাৱে তেওঁৰ ৯০ সংখ্যক জন্মদিনটোতে তেওঁক এই সন্মানটো আগবঢ়োৱা হ’ব।

কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে অলপতে ইন্টাৰনেট চাঞ্চল্য হিচাপে পোহৰলৈ অহা ৰাণু মণ্ডলৰ বিষয়ে মন্তব্য কৰাৰ পাছত চৰ্চালৈ আহিছিল।

ৰাণু মণ্ডল সন্দৰ্ভত  এক সাক্ষাৎকাৰত লতা মংগেশকাৰে কৈছিল,’’যদি মোৰ নাম আৰু কামেৰে কাৰোবাৰ ভাল হয় তেতিয়াহ’লে মই নিজেই নিজক সৌভাগ্যৱতী বুলি ভাৱিম।‘’

‘’কিন্তু মই অনুভৱ কৰো যে অনুকৰণ সাফল্যৰ বাবে এক নিৰ্ভৰযোগ্য আৰু স্থায়ী সংগী হ’ব নোৱাৰে। মোৰ, কিশোৰদাৰ (কিশোৰ কুমাৰ), ৰফী চাহাবৰ বা মুকেশ ভাইয়া অথৱা আশা’ৰ (ভোচলে)ৰ গান গাই কোনো নতুন গায়কে কম দিনৰ বাবে মনযোগ আকৰ্ষণ কৰিব পাৰে, কিন্তু ই স্থায়ী নহয়,’’-কোকিলকণ্ঠী গায়িকা গৰাকীয়ে এইদৰে কয়।

স্বাভাৱিকতে কিংবদন্তি কণ্ঠশিল্পীগৰাকীলৈ এনে সন্মান আগবঢ়োৱাৰ বাতৰিয়ে অনুৰাগীসকলক আনন্দিত কৰিব।