NORTHEAST NOW (Assamese)
Popular Stories

২০২৪ চন পৰ্যন্ত পৰ্যাপ্ত পৰিমাণৰ ক’ৰ’ণাৰ ভেকচিন উপলব্ধ নহয় বিশ্বত! : ছেৰামৰ দাবীয়ে উদ্বিগ্ন কৰিছে বিশ্ববাসীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 3:53 pm
index.jpg

২০২৪ চন পৰ্যন্ত পৰ্যাপ্ত পৰিমাণৰ ক’ৰ’ণাৰ ভেকচিন উপলব্ধ নহয় বিশ্বত! এই দাবী কৰিছে অক্সফোৰ্ডৰ কোভিডশ্বীড ভেকচিনটোৰ প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই।

প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আদৰ পুনাৱালাই সোমবাৰে এক ৰিপ’ৰ্টৰ পৰিসংখ্যা ব্যাখা কৰি কয় যে সমগ্ৰ বিশ্বত প্ৰায় ১৫ বিলিয়ন ড’জৰ প্ৰয়োজন হ’ব।

পুনাৱালৰ মতে এই বিপুল পৰিমাণৰ ভেকচিন তৈয়াৰ কৰিবলৈ অন্ততঃ পাঁচটা বছৰৰ প্ৰয়োজন হ’ব।

উল্লেখ্য যে, বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান হৈছে ভাৰতৰ এই ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া। ছেৰামে অক্সফোৰ্ডৰ কোভিডশ্বীড নামৰ ক’ৰ’ণাৰ এই ভেকচিনটো তৈয়াৰ কৰিবলৈ ছুইডিছ প্ৰতিষ্ঠান আষ্ট্ৰাজেনেকাৰৰ সৈতে চুক্তিৱদ্ধ হৈছে।

সেয়ে ছেৰামৰ মুৰব্বী আদৰ পুনাৱালাই এই দাবী কৰাৰ পিছত স্বাভাৱিকতে বিশ্ববাসীৰ উদ্বিগ্নতা বৃদ্ধি পাইছে।

ইফালে কালি ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে জনাইছিল যে অহা বছৰৰ মাৰ্চ মাহত ক’ৰ’ণা ভাইৰাছৰ ভেকচিন ভাৰতীয় বজাৰত উপলব্ধ হ’ব। কিন্তু পুনৱালাৰ এই দাবীৰ পিছতে এতিয়া দেশবাসীৰ মাজত সন্দেহৰ ঘণীভূত হৈছে।

ইতিমধ্যে ভেকচিনটোৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েল সফলতাৰে সম্পন্ন হৈ গৈছে। দ্বিতীয় পৰ্যায়ৰ লগতে তৃতীয় পৰ্যায়ৰ ট্ৰায়েলো আৰম্ভ হৈছে।

দ্বিতীয় পৰ্যায়ৰ ফলাফল আহিবলৈ বাকী থাকিলেও বিশ্বৰ বিভিন্ন দেশত ভেকচিনটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে।

ইফালে তৃতীয় পৰ্যায়ৰ ট্ৰায়েলত ব্ৰিটেইনৰ এগৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটোৱে পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বুলি আষ্ট্ৰাজেনেকাৰে কিছুদিন পূৰ্বে জনাবিলৈ দিছিল।

ইয়াৰ পিছতে ব্ৰিটেইনত ইয়াৰ ট্ৰায়েল সাময়িকভাৱে স্থগিত ৰখা হৈছে। কিন্তু ভাৰতত ইয়াৰ ট্ৰায়েল স্থগিত কৰা নহয় বুলি ঘোষণা কৰিছিল ছেৰামে।

ইয়াৰ পিছতে কালি ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ভাৰতত ভেকচিনটোৰ ট্ৰায়েল কিয় স্থগিত ৰখা নহ’ব তাৰ কাৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছে ছেৰামলৈ।