NORTHEAST NOW (Assamese)
অসম

বিগত সময়ছোৱাত বিজেপিক জয়ী কৰোৱাত হিমন্তৰ কোনো অৰিহণা নাই : আৰ পি শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 17, 2019 11:00 am
RP-SharmaBJP-750x375

আজি বিজেপি একেবাৰে ত্যাগ কৰিব তেজপুৰৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা আৰ পি শৰ্মাই।

দুপৰীয়া ১ বজাত দিল্লীস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত পদত্যাগ কৰিব সাংসদজনে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শৰ্মাই এই কথা জনায়।

অৱশ্যে জে ডি (য়ু)ত যোগদান কৰিব বুলি চলা প্ৰচাৰক নস্যাৎ কৰে শৰ্মাই।

দলৰ পৰা পদত্যাগ কৰাৰ আগমুহূৰ্তত তেওঁ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰাৰ লগতে দুখো প্ৰকাশ কৰে।

শৰ্মাই কয়, “ৰঞ্জিত দাসে ৪০ লাখ সদস্য ভৰ্তি হোৱা বুলি দাবী কৰিছে, তাৰ ভিতৰত ১৫-২০ লাখ পুৰণা বিজেপি কাৰ্যকৰ্তা। যিসকলে ১৯৫২ চনৰ পৰা ২০১৫ চনলৈকে বিজেপি কৰি আছে সেইসকলৰ কথা কৈছোঁ।”

ইপিনে, জ্যেষ্ঠ বিজেপি সকলক একাষৰীয়া কৰি ন বিজেপিসকলে বিজেপিৰ ঘৰ দখল কৰিছে বুলি উল্লেখ কৰি শৰ্মাই তেওঁলোকক ‘মোবাৰক’ দিয়ে।

“ঘৰ এৰিলো যেতিয়া এতিয়া কেইদিনমান হোটেলত থাকিম, পাছত নতুন ঘৰ বনালে আপোনালোকক জনাম,”-শৰ্মাই এইদৰে কয়।

তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ পৰা ৪-৫ লাখ লোকে অন্য দলত অহা ৬ মাহৰ ভিতৰত যোগদান কৰিব বুলি শৰ্মাই ইংগিত দিয়ে।

তেওঁ কয়, “সেই দলৰ মালিক নিকা হ’ব লাগিব তথা সহজ সৰল হ’ব লাগিব। নতুন ঘৰটো সৰু হ’লেও সকলো মিলাপ্ৰীতিৰে থাকিম, সুখে দুখে খাম।”

তদুপৰি, “নতুন বস্তু পালে পুৰণা মানুহক পাহৰি যায়” বুলি বিজেপি দলৰ নেতৃত্বক সোঁৱৰাই দিয়াৰ লগতে ন বিজেপি কংগ্ৰেছীক “নতুন স্ত্ৰী” আখ্যা দিয়ে।

“নতুন স্ত্ৰীক বিয়া পাতি আনিলে পুৰণিক পাহৰি যায়। ল’ৰাই ছোৱালীক বিয়া পাতিলেও নিজৰ মাক বাপেকক পাহৰি যায়। তেনেকৈয়ে বিজেপি নেতৃত্বই নতুন পাই আমাৰ দৰে পুৰণি লোকক পাহৰি গৈছে,”-শৰ্মাই ন বিজেপি কংগ্ৰেছী নেতাক উদ্দেশ্যি এই মন্তব্য কৰে।

জুপুৰীৰ পৰা চাৰিতলীয়া অট্টালিকা নিৰ্মাণলৈকে “পুৰণা খনিকৰ”ৰ প্ৰয়োজন আছিল বুলি উল্লেখ কৰি আৰ পিয়ে কয়, “২০১৪ ৰ লোকসভা, ১৬ৰ বিধানসভা, পঞ্চায়ত, আৰু শেষত লোকসভা নিৰ্বাচনৰ পাছত এতিয়া আমাৰ দৰে পুৰণা খনিকৰৰ প্ৰয়োজন নাইকিয়া হ’ল।”

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ বিগত সময়ছোৱাত বিজেপিক জয়ী কৰোৱাৰ ক্ষেত্ৰত অৰিহণা একেবাৰে নাই বুলি দাবী কৰে শৰ্মাই।

তেওঁ কয়, “২০১৪ চনতে মোদীক প্ৰধান মন্ত্ৰী প্ৰাৰ্থী হিচাপে পাই সমগ্ৰ দেশতে ঢৌ উঠিছিল। যাৰ বাবে ১৪ত ৭ খনত জিকিছিলোঁ আৰু ৩ খনত কম ভোটৰ ব্যৱধানত হাৰিছিলো। মোৰ হিচাপত বিজেপিক জয়ী কৰাত হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব নাই, বিজেপিৰ হাৱাত বা ঢৌত তেওঁ উটি গ’ল। কংগ্ৰেছী মানুহ বিজেপিত অহা বাবে বিজেপি জিকা বুলি ভবাটো সমূলি ভুল ধাৰণা।”

অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগত কোনো আখেজ নাই বুলি সদৰী কৰে বৰ্তমান বিজেপিৰ বিদ্ৰোহী নেতাগৰাকীয়ে।

শৰ্মাই কয়, “হিমন্ত মোৰ ভাইটি। ৰাজনৈতিক পাৰ্থক্য কৌৰৱ-পাণ্ডৱ হিচাপে আছিল। ১৯৮৩ ৰ পৰা হিমন্তক পাইছোঁ, তেতিয়া সৰু ল’ৰা আছিল। জ্যেষ্ঠ হিচাপে হিমন্তক সমালোচনা কৰাৰ মোৰ অধিকাৰ আছে।”