NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ চুলুং আৰক্ষীৰ বৃহৎ সফলতা, বিলাসী গাড়ীত জালনোট সৰবৰাহ কৰা ৭ দুৰ্ধষ ব্যৱসায়ীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2021 2:34 pm
Sulung police arrest 7 miscreants who supplied fake notes

জালনোট চক্ৰৰ বিৰুদ্ধে আজি এক সফল অভিযান চলাই কলিয়াবৰৰ চুলুং আৰক্ষীয়ে এখন বিলাসী গাড়ীত জালনোট সৰবৰাহ কৰা ৭ দুৰ্ধষ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।

বিগত বহুবছৰ ধৰি জালনোট ছপা কৰি ঠগবাজীৰে ব্যৱসায় কৰি আছিল ধৃত ব্যক্তি কেইজনে।

নকল টকাক সঁচা টকাৰ ৰূপ দি প্ৰৱঞ্চনাৰ জাল পেলাইছিল ধৃত ৭ জনে।

গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ একক প্ৰচেষ্টাত বৰঘূলী¸হাতীবন্ধাৰ লগতে লক্ষীমপুৰৰ পৰা জালনোট ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰকৃত ক্ৰমে আকবৰ আলি,হাতীবন্ধা¸নাচিৰউদ্দিন,৩ নম্বৰ বৰঘূলি¸চাহিদ আলি,হাতীবন্ধা¸সুৰুয আলি,২ নম্বৰ ইচলামপুৰ(লখিমপুৰ) ফৰিদুল আলম,ইজ্জত আলি,টিকাগাওঁ,লখিমপুৰ আৰু ইমদাদুল ৰহমান,টিকাগাওঁ,লখীমপুৰৰ বুলি জানিব পৰা গৈছে।

আই পিচি : ১২০বি,৪২০/৪৮৯( চি)/৪৮৯(ডি)/৩৪ কেচ নম্বৰ : ৮৮/২০২১ ধাৰাত গোচৰ ৰুজু কৰিছে চুলুং আৰক্ষীয়ে।

ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বিলাসী Etios গাড়ী জব্দ কৰিছে আৰক্ষীয়ে। তদুপৰি ১৫ খন ৫০০ টকীয়া নকল টকা আৰু নকল টকা বনোৱা এটা মেচিন জব্দ কৰে।

ঘটনা সন্দৰ্ভত চুলুং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।