NORTHEAST NOW (Assamese)
Popular Stories

গৰুৰ গাত লাগি থকা জোক আঁতৰাই গো-সেৱা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই; ফটো-ভিডিঅ’ত ব্যস্ত দলীয় সতীৰ্থ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2024 8:26 pm

আচৰিত যেন লাগিলেও এয়াই সত্য! এইবাৰ গৰুৰ গাত লাগি থকা জোক আঁতৰাই চৰ্চাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷নিজৰ সমষ্টিৰ এঘৰ লোকৰ ঘৰলৈ যোৱাৰ সময়ত কলিতাই পথাৰৰ পৰা অহা গৰুৰ গাত জোক প্ৰত্যক্ষ কৰে৷ইয়াৰ পাছতেই ভবেশ কলিতাই গৰুৰ গাত থকা জোককেইটা এডালে কাঠিৰে আঁতৰাই দিয়ে৷কলিতাই এই কাম কৰি থকাৰ সময়তে কেইজনমান দলীয় সতীৰ্থই ভিডিঅ’ কৰে৷তৎপশ্চাৎ কলিতাৰ সামাজিক মাধ্যম ফেচবুকৰ একাউণ্টৰ পৰা উক্ত ঘটনাৰ বিৱৰণ দি এটা পোষ্ট দিয়ে৷

কলিতাই নিজৰ ফেচবুক পোষ্টত লিখিছে- “যোৱাকালি মোৰ নিজা সমষ্টিৰ এঘৰ স্থানীয় লোকৰ খৱৰ লবলৈ যোৱাৰ সময়তে পথাৰৰ পৰা বোকাপানীৰে অহা গো মাতাৰ শৰীৰত দুডালমান জোকে তেজ খাই থকা দেখি গুচাই দি  খন্তেক সময়ৰ বাবে গো মাতাক সেৱা কৰো ৷ এগৰাকী সনাতনী হিন্দু হিচাবে এনেদৰে গো মাতাক সেৱা কৰিবলৈ পাই মই নিজকে সুখ অনুভৱ কৰিছোঁ ৷”

কলিতাৰ এই পোষ্টৰ পাছত অসমৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷