NORTHEAST NOW (Assamese)
অসম

শৈশৱ সুঁৱৰি ছ’চিয়েল মিডিয়াত আবেগিক প’ষ্ট চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 2:37 pm

কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াত অতি বেছি সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে বলিউদ অভিনেতা ধৰ্মেন্দ্ৰক। অভিনেতা গৰাকীয়ে অলপতে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো। এই আবেগ ভৰা ফটোখনক লৈ এতিয়া চলিছে চৰ্চা।

অভিনেতা গৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে এগৰাকী মাতৃ-পুত্ৰক। সম্পূৰ্ণ আবেগিক ফটোখনত অভিনেতা গৰাকীৰ অনুৰাগীয়ে বিভিন্ন মন্তব্য প্ৰদান কৰিছে।

ভাইৰেল ফটোখনত থকা মাক গৰাকীয়ে ঘৰৰ বেৰত গোবৰৰ চাকি লগাই আছে আৰু শিশুটিৱে এটা কোণত বহি থকা পৰিলক্ষিত হৈছে।

এই ফটোখন শ্বেয়াৰ কৰি ধৰ্মেন্দ্ৰই নিজৰ শিশুকালৰ স্মৃতি ৰোমন্থন কৰে।

ফটোখনৰ সৈতে তেওঁ লিখে, ‘বন্ধুসকল, মোৰ শৈশৱ, প্ৰায় এনেকুৱাই আছিল। আজিও মই মোৰ ফাৰ্মত অলপ হ’লেও গোবৰ সংগ্ৰহ কৰো। মোৰ খেতি পথাৰৰ বাবে এই সাৰ প্ৰাণ। কৃষকৰ বাবে মাটি, খেতি, সাৰ আৰু পানী গৌৰৱ’।

এই ফটোখনৰ উপৰি অভিনেতা ধৰ্মেন্দ্ৰই নিজৰ ডাঙৰ পুত্ৰ ছানি ডেউলৰ এখন সৰুকালৰ ফটোও টুইটাৰত শ্বেয়াৰ কৰিছে। ধৰ্মেন্দ্ৰই তোলা ফটোখনত ছানি দেউলক এখন টাৱেলত দেখা গৈছে।

ফটোখনৰ সৈতে ধৰ্মেন্দ্ৰই লিখিছে, ‘মোৰ সবাটোকৈ সৰল ল’ৰাটো, টাৱেলখন নোহোৱাকৈয়ে মই ফটোখন তুলিব বিচাৰিছিলো। দুৰ্ভগীয়া ছানিয়ে মোক নালাগে নালাগে বুলি কয়। বন্ধুসকল, সেই সৰলতাই আজিও মোক আবেগিক কৰি তোলে। পুত্ৰ ছানি, মই তোমাক বহুত ভাল পাও’।

এনেদৰে নিজৰ অতীত ৰোমন্থন কৰি আবেগভৰা ফটো শ্বেয়াৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰ।