NORTHEAST NOW (Assamese)
অসম

গুৰুতৰভাৱে অসুস্থ, সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি পপ গায়িকা মেডোনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2023 4:11 pm

গুৰুতৰভাৱে অসুস্থ পপ গায়িকা মেডোনা। বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে কেইবাদিনো ধৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে গায়িকাগৰাকী। গায়িকাগৰাকীৰ মেনেজাৰ গাই ওজাৰীয়ে প্ৰকাশ কৰা অনুসৰি মেডোনাৰ অৱস্থা পূৰ্বতকৈ ভাল হৈছে যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ সময় লাগিব।

বুধবাৰে মেডোনাৰ দীৰ্ঘকালৰ মেনেজাৰ গাই ওজাৰীয়ে ইনষ্টাগ্ৰামত গায়িকাগৰাকীৰ অসুস্থতাৰ বিষয়ে এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত তেওঁ লিখিছে, ‘২৪ জুনত তেওঁক গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে আইচিইউলৈ লৈ যোৱা হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থাৰ উন্নতি ঘটিছে যদিও তেওঁ আৰু কেইদিনমান ডাক্তৰৰ পৰ্যবেক্ষণত থাকিব লাগিব।

অহা মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল মেডোনাৰ ৮৪ দিনীয়া বিশ্ব ভ্ৰমণ। কিন্তু ৬৪ বছৰীয়া গায়িকগৰাকীৰ বাবে সেইটো আৰম্ভ কৰা সম্ভৱ নহ’ব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে গাই ওজাৰীয়ে।

তেওঁ কয়, ‘এই পৰিস্থিতিত আমি বিশ্ব ভ্ৰমণকে ধৰি পূৰ্বৰ সকলো ধৰণৰ প্ৰতিশ্ৰুতি স্থগিত ৰাখিব লাগিব, ইয়াৰ ভিতৰত বিশ্ব ভ্ৰমণ কাৰ্যসূচীও আছে। ইয়াৰ বিষয়ে আমি অতি সোনকালে সবিশেষ দিম। নতুন ভ্ৰমণৰ আৰম্ভণিৰ তাৰিখ আৰু সংশোধিত সময়সূচী অৱগত কৰা হ’ব।‘

আমেৰিকাৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে, মেডোনাৰ কন্যা লৰ্ড লিঅ’ তেওঁৰ কাষত আছে। ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২০ চনৰ মাৰ্চলৈকে শেহতীয়া বিশ্ব ভ্ৰমণ ‘মেডাম এক্স’ত অংশগ্ৰহণ কৰিছিল মেডোনাই। তিনি বছৰৰ পাছত তেওঁৰ এই ভ্ৰমণ সেয়েহে অনুৰাগীৰ মাজত অতি আকৰ্ষণৰ বিষয় হৈ পৰিছিল।