NORTHEAST NOW (Assamese)
Popular Stories

পঞ্চাশোৰ্ধৰ এজন সাংসদে বিয়া কৰিলে ১৪ বছৰীয়া ছাত্ৰীক! ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 9:33 am

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এজন ৰাজনৈতিক নেতাই এগৰাকী ১৪ বছৰ বয়সীয়া ছাত্ৰীৰ স’তে বিবাহপাশত আৱদ্ধ হোৱা এটা ঘটনাৰ বাবে পাকিস্তানৰ আৰক্ষীয়ে নেতাজনৰ ওপৰত অনুসন্ধান কৰি আছে।

মৌলানা চালাহুদ্দিন আয়ুবি নামৰ নেতাজন জমিয়ত উলেমা-ই-ইছলাম নামৰ ৰাজনৈতিক দলটোৰ অন্যতম নেতা আৰু বেলুচিষ্টান প্ৰদেশৰ এজন সাংসদ।

নেতাজনে ছাত্ৰীগৰাকীৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে নাৰী সুৰক্ষাৰ বাবে কাম কৰি থকা এটা এন.জি.অ’.ই পুলিচক অভিযোগ দাখিল কৰে।

বাতৰিমতে, জুঘুৰ চৰকাৰী বালিকা হাইস্কুলত পঢ়ি থকা ছাত্ৰীগৰাকীৰ জন্ম তাৰিখ স্কুলখনৰ মতে ২০০৬ চনৰ ২৮ অক্টোবৰ।

আনহাতে নেতাজনৰ বয়স ৫০ৰো অধিক।

আৰক্ষীয়ে জনাইছে যে ছাত্ৰীগৰাকীৰ ঘৰলে আৰক্ষী যাওতে তাইৰ দেউতাকে সকলো কথা অস্বীকাৰ কৰে। তদুপৰি শেহতীয়াকৈ দেউতাকে নিশ্চিতি প্ৰদান কৰে যে ১৬ বছৰ নোহোৱালৈকে ছাত্ৰীগৰাকীক তেওঁলোকে বিয়া নিদিয়ে।

উল্লেখযোগ্য যে পাকিস্তানৰ আইন অনুসৰি ১৬ বছৰত ভৰি নিদিয়ালৈকে কোনো কন্যাক বিয়া দিব নোৱাৰিব, আৰু এই আইন ভংগ কৰিলে অভিভাৱকক গুৰুত্বপূৰ্ণ শাস্তি বিহা হ’ব।