NORTHEAST NOW (Assamese)
Popular Stories

যৌন অত্যাচাৰৰ অভিযোগ : ৰঙাঘৰলৈ প্ৰেৰণ ইংলেণ্ডৰ ৰাণীৰ এজন সম্পৰ্কীয়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 9:58 am

বুধবাৰে গ্ৰেট ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ এগৰাকী সম্পৰ্কীয়ই এগৰাকী মহিলাক যৌন অত্যাচাৰ কৰাৰ অপৰাধত দহ মাহ ৰঙাঘৰৰ ভাত খাব লগা হৈছে।

ছিমন ব’ৱেছ-লিয়’ন নামৰ ৰাজপৰিয়ালৰ লোকজনে ২০২০ চনৰ ১৩ ফেব্ৰুৱাৰীত স্কটলেণ্ডৰ আংগাছত থকা পৈতৃক ঘৰত উদযাপিত হোৱা এটা অনুষ্ঠানত ৰাতি মহিলাৰ কোঠালিত প্ৰৱেশ কৰি অস্বাভাৱিক আচৰণ কৰিছিল।

ন্যায়ালয়ে জনাইছে যে তেওঁৰ ওপৰত আৰোপিত সকলো অভিযোগ তেওঁ অস্বীকাৰ কৰিছিল যদিও শেষত তেওঁ নিজকে লজ্জিত বুলি কৈ মহিলাগৰাকী আৰু তেওঁৰ পৰিয়াললৈ ক্ষমাভিক্ষা কৰে।

তদুপৰি সেই অনুষ্ঠানত তেওঁ অত্যধিক সুৰা সেৱন কৰিছিল বুলিও স্বীকাৰ কৰে।

উল্লেখযোগ্য যে ৩৪ বছৰীয়া ছিমন ব’ৱেছ-লিয়’ন সম্পৰ্কত ৰাণীৰ এজন সম্বন্ধীয় ভাতৃৰ পুত্ৰ।