NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 7:41 am
index

দেশৰ বিভিন্ন প্ৰান্তত পুনৰ মহামাৰী কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

মহাৰাষ্ট্ৰতো বৃদ্ধি পাবলৈ ধৰিছে পুনৰ কোভিড১৯ৰ সংক্ৰমণ। ইতিমধ্যে ৰাজ্যখনত পূৰ্বৰ দৰে কোবিড১৯ প্ৰতিৰোধী সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।

কোভিড১৯ৰ এই পুনৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যখনৰ এখন জিলাই দুদিনীয়া জনতা কাৰ্ফিউ পালন কৰিব।

বুধবাৰে ৰাজ্যখনৰ লাটুৰ জিলা প্ৰশাসনৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰিত কোভিড১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লাটুৰ জিলাত দুদিনীয়া জনতা কাৰ্ফিউ পালন কৰা হ’ব।

জিলাখনৰ উপায়ুক্ত পৃথিৰাজ বিপিয়ে জিলাখনৰ জনসাধাৰণক কোভিড সংক্ৰমণৰ শিকলিডাল বিচ্ছিন্ন কৰাৰ স্বাৰ্থত দুদিনীয়া জনতা কাৰ্ফিউ পালন কৰিবলৈ আহ্বান জনাইছে।

“জনতা কাৰ্ফিফৰ পৰা কেৱল অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই দিয়া হ’ব।” চ’ছিয়েল মিডিয়াৰ প্লেটফৰ্মত এক ভিডিঅ’ বাৰ্তাৰ যোগে উপায়ুক্তগৰাকীয়ে কয়।

ৰাজ্যৰ গঢ় সংক্ৰমণৰ তুলনাত লাটুৰ জিলাত কোভিড১৯ৰ পুনৰ সংক্ৰমণৰ হাৰ যথেষ্ট কম বুলিও দাবী কৰিছে উপায়ুক্তগৰাকীয়ে।

জিলাখনত পৰিস্থিতি নিয়্ন্ত্ৰণাধীন বুলি সদৰী কৰি উপায়ুক্তগৰাকীয়ে জনসাধাৰণক আতংকিত নহ’বলৈও আহ্বান জনায়।

“ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ জনসাধাৰণে শনিবাৰ আৰু দেওবাৰে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে অন্যান্য কামৰ বাবে বাহিৰলৈ ওলোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো। যাতে ইয়াৰ জৰিয়তে আমি ভাইৰাছৰ শৃংখলা ছিঙিব পাৰো।” লগতে তেওঁ কয়।

উল্লেখ্য যে বুধবাৰে জিলাখনত আৰু ৯৮ গৰাকী কোভিড১৯ আক্ৰান্ত লোক ধৰা পৰিছে। ইয়াৰ ফলত জিলাখনত কোভিড আক্ৰান্ত লোকৰ সংখ্যা ২৫,০৪৫ গৰাকী আৰু কোবিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৭০৩ গৰাকী।