NORTHEAST NOW (Assamese)
Popular Stories

‘‘চীনে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাৰ্থক লৈ আপোচ কৰিব’’ : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2021 5:52 pm

‘‘চীনে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাৰ্থক লৈ আপোচ কৰিব।’’ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে সমালোচনাত মুখৰ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

শনিবাৰে তামিলনাডুৰ থুতকুণ্ডিৰ ভিঅ’চি কলেজৰ এটা অনুষ্ঠানত অংশ লৈ গান্ধীয়ে কয় যে ভাৰতত গণতন্ত্ৰ ‘মৃত’ হৈ পৰিছে।

উল্লেখযোগ্য চীনৰ হাতত ভাৰতৰ ভূমি এৰি দিয়া বুলি কেন্দ্ৰীয় চৰকাৰক গান্ধীয়ে ধাৰাবাহিকভাৱে অভিযোগ তুলি আহিছে।

গান্ধীয়ে কয় যে নিৰ্বাচিত প্ৰতিষ্ঠান আৰু সংবাদমাধ্যমৰ স্বাধিনতাৰ ওপৰত যোৱা ৬ বছ ধৰি প্ৰণালীবদ্ধভাৱে আক্ৰমণ কৰি অহা হৈছে।

এইক্ষেত্ৰত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক দোষাৰোপ কৰে।

‘‘গণতন্ত্ৰ এটা আঘাটতে মৃত্যু নহয়, ই লাহে লাহে মৃত্যু হয়।’’ গান্ধীয়ে কয়- ‘‘সংসদ, ন্যায়পালিকা, প্ৰেছৰ দৰে প্ৰতিষ্ঠানসমূহে ৰাষ্ট্ৰখনক এক কৰি ৰাখিছে। এখন ৰাষ্ট্ৰৰ ভাৰসাম্য এই প্ৰতিষ্ঠানসমূহৰ মাজেৰে হয়। যদি এই ভাৰসাম্যতাক ধ্বংস কৰা হয়, তেন্তে ৰাষ্ট্ৰখনৰ মৃত্যু হয়।’’

তদুপৰি ইয়াৰ দ্বাৰা ৰাজ্য আৰু কেন্দ্ৰৰ সম্পৰ্কও বিঘ্নিত হৈছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।

তেওঁ কয় যে আমি এই প্ৰতিষ্ঠানসমূহক বিজেপি-আৰএছএছৰ পৰা বচাই ৰখা প্ৰয়োজন।