NORTHEAST NOW (Assamese)
অসম

হাইলাকান্দিৰ উপায়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহণ জে কিৰ্থিৰ

Posted by: ৰাহুল চক্ৰবৰ্তী January 21, 2019 9:43 pm
adil khan

 

আজি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জে কিৰ্থিয়ে হাইলাকান্দি জিলাৰ উপায়ুক্ত হিচাপে বিদায়ী উপায়ুক্ত আদিল খানৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰে।  ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া খানক বঙাইগাওঁৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। নৱনিযুক্ত উপায়ুক্ত কিৰ্থিয়ে হাইলাকান্দিলৈ বদলি হোৱাৰ পূৰ্বে মুখ্য সচিবৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আদিল খানৰ বিদায়ী সভাত জিলাৰ নৱনিযুক্ত  উপায়ুক্ত, প্ৰশাসনৰ জেষ্ঠ বিষয়া, চক্ৰ বিষয়া আৰু বিভিন্ন বিভাগ সমূহৰ মুৰব্বী সকল উপস্থিত থাকে। অনুস্থানত জিলা উন্নয়ন আয়ুক্ত এফ আৰ লষ্কৰ, অতিৰিক্ত উপায়ুক্ত অমলেণ্ডু ৰয় আৰু অন্যান্য সকলে খানৰ দহ মহীয়া কাৰ্য্যকালৰ বিষয়ে বক্তব্য ৰখাৰ লগতে তেওঁৰ আগন্তক নতুন কামৰ বাবে শুভকামনা জ্ঞাপন কৰে। খানে সকলো বিষয়া-কৰ্মচাৰীক ধন্যবাদ জনোৱাৰ লগতে আগন্তক দিনবোৰত হাইলাকান্দি জিলাৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহ্বান জনাই।