NORTHEAST NOW (Assamese)
অসম

বিশ্বত প্ৰতি ১০জন লোকৰ ভিতৰত এজন কৰ’নাত আক্ৰান্ত: WHO

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2020 11:23 am
Myke riyan

গোটেই বিশ্বতে বৰ্তমান প্ৰতি ১০জনৰ ভিতৰত এজন কৰ’নাত আক্ৰান্ত। সোমবাৰে এইকথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

সেইদৰে বৰ্তমান কৰ’না আক্ৰান্তৰ যি পৰিসংখ্যা দাঙি ধৰা হৈছে নিশ্চিতভাৱে তাৰ ২০গুণ আধিক আক্ৰান্ত হৈছে। গতিকেই আগন্তুক দিনসমূহ অত্যন্ত জটিল হ’ব বুলি সাৱধান কৰি দিয়া হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী শাখাৰ কাৰ্যবাহী বিষয়া ডাঃ মাইকেল ৰিয়ানে কয় যে কৰ’নাৰ দিশে লক্ষ্য কৰিলে দেখা যায় যে চহৰৰ পৰা গাঁওলৈকে বিভিন্ন গোষ্ঠীৰ ক্ষেত্ৰত গোটেই বিশ্বৰ বেছিভাগেই ইয়াৰ সংক্ৰমণৰ সন্মুখীন হৈছে।

তেওঁ কয় যে অতিমাৰী চলিলেও এই সংক্ৰমণ ৰোধ কৰা তথা জীৱন ৰক্ষাৰ বাবে সঁজুলি উপলব্ধ আছে।

মাইকেল ৰিয়ানে জানিবলৈ দিয়ে যে বৰ্তমান দক্ষিণ পূব এছিয়াত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, য়ুৰোপত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ তুলনাত আফ্ৰিকা আৰু পশ্চিম প্ৰশান্ত সাগৰীয় অঞ্চলত পৰিস্থিতি কিছু উন্নত হৈছে।

তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান হিচাপত বিশ্বৰ মুঠ জনসংখ্যাৰ ১০শতাংশ কৰ’নাত আক্ৰান্ত।

বৰ্তমান বিশ্বৰ জনসংখ্যা ৭.৬বিলিয়ন হিচাপে ধৰি লৈ দেখা গৈছে যে গোটেই বিশ্বত ৭৬০মিলিয়নতকৈ অধিক লোক আক্ৰান্ত হৈছে। কিন্তু গোটেই বিশ্বত নিশ্চিত আক্ৰান্তৰ সংখ্যা ৩৫মিলিয়নহে ধৰা হৈছিল।

বিশেষজ্ঞসকলৰ মতে, বৰ্তমান  গোটেই বিশ্বত যি কৰ’না আক্ৰান্তৰ সংখ্যা নিশ্চিত কৰা হৈছে, প্ৰকৃততে আক্ৰান্তৰ সংখ্যা তাতকৈ বহু বেছি হ’ব।