NORTHEAST NOW (Assamese)
অসম

গায়ক সীমান্ত শেখৰৰ বিৰুদ্ধে এজাহাৰ : ‘জোনবিল’ শীৰ্ষক গানৰ ভিডিঅ’ত ব্যৱহাৰ ভাটৌ চৰাই

Posted by: এন ই নাও নিউজ March 20, 2018 6:22 pm

গানৰ ভিডিঅ’ত ভাটৌ চৰাই ব্যৱহাৰ কৰাৰ বাবে অসমীয়া গীত ‘জোনবিল’ৰ গায়ক, প্ৰযোজক সীমান্ত শিখৰ আৰু ৰজনী কস্তুৰী প্ৰিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

পাৰাকিত জাতৰ এটি ভাটৌ গীতটোৰ ভিডিঅ’ত ব্যৱহাৰ কৰাৰ বাবে বন্যপ্ৰাণী কৰ্মী তথা কৰ্বি (Conservation and Research of Bio-Diversity and Environment)ৰ সম্পাদক নৱজ্যোতি বৰ্মনে এজাহাৰখন দাখিল কৰিছে।

অভিযোগকাৰীজনে উল্লেখ কৰে যে ভিডিঅ’টোত ব্যৱহৃত পাৰাকিত জাতৰ ভাটৌবিধক বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ অধীনত সুৰক্ষা দিয়া হৈছে।

আইনে সুৰক্ষা দিয়া বনৰীয়া প্ৰজাতি এটাৰ এনে ব্যৱহাৰে প্ৰাণীটোৰ অধিকাৰ সম্পূৰ্ণৰূপে উলংঘা কৰিছে আৰু ই প্ৰাণীবিধৰ লগতে সমগ্ৰ পৰিৱেশতন্ত্ৰটোৰ বাবেই এক ভাবুকি বুলি তেওঁ লগতে উল্লেখ কৰিছে।

পাৰাকিত দীঘল নেজীয়া এজাতি ভাটৌ।