NORTHEAST NOW (Assamese)
অসম

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2021 8:56 am
pm-imran-khan-700x300

হঠাতে চকী হেৰুৱাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। অহা শনিবাৰে আস্থা ভোটৰ সন্মুখীন হ’ব ইমৰাণৰ চৰকাৰ।

ইয়াৰ পূৰ্বে ইমৰাণ খানে স্পষ্ট কৰি দিয়ে যে প্ৰয়োজন হ’লে বিৰোধী আসনত বহিব কিন্তু দুৰ্নীতিক লৈ তেওঁ আপোচ নকৰে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এইদৰে তেওঁৰ পক্ষত যে সংখ্যা নাই তাৰেই ইংগিত দাঙি ধৰে।

বুধবাৰে চিনেট নিৰ্বাচনত গোপন বেলটত বিত্তমন্ত্ৰী আব্দুল হাফিজ শ্বেখ পৰাজিত হয়। তেওঁক পৰাজিত কৰে বিৰোধীসকলৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইউছুফ ৰাজা গিলানিয়ে। ইমৰাণ খানৰ দলৰ সংসদেই বিৰোধী প্ৰাৰ্থীৰ সপক্ষে ভোট দিয়ে।

বৃহস্পতিবাৰে দেশৰ উদ্দোশ্যি দিয়া ভাষণত ইমৰাম খানে কয় যে তেওঁ দুৰ্নীতিৰ সৈতে আপোচ নকৰে। তেওঁ কয় বহুতেই ভাৱিছিল যে আস্থা ভোটৰ ভয় দেখুৱাই তেওঁৰ দ্বাৰা দুৰ্নীতিৰ গোচৰসমূহ বন্ধ কৰি ল’ব।

নিজ দলৰে সদস্যসকলকেই আপাততন প্ৰত্যাহ্বান জনাই ইমৰাণ খানে কয় যে জাতীয় সংসদত মুকলিকৈ ভোট হ’ব। সকলো সদস্যকে গণতান্ত্ৰিকভাৱে ভোটদান কৰাৰ আহ্বান জনাই ইমৰাণ খানে পৰাজিত হ’লে বিৰোধীৰ আসনত বহিবলৈ সাজু আছে বুলি দোহাৰে।

পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ নিজ দলৰে ১৫-১৬জন সাংসদ বিক্ৰী হোৱা বুলিও দাবী কৰে। ইমৰাণ খানে নিৰ্বাচন আয়োগৰ বিৰুদ্ধেও গণতন্ত্ৰক নস্যাৎ কৰাৰ অভিযোগ তোলে।

বাতৰি অনুসৰি, বৰ্তমান ১০০ জন সদস্যৰ চিনেটত ইমৰাণ খানৰ সমৰ্থনত মাত্ৰ ৪৭ জনহৈ আছে। বৃহস্পতিবাৰে পাক সেনাৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয় ইমৰাণ খান।

কিন্তু পাকিস্তানী প্ৰধানমন্ত্ৰী গৰাকীৰ বক্তব্যত পৰাজয়ৰ শংকা যেন স্পষ্ট হৈ পৰে।