NORTHEAST NOW (Assamese)
Popular Stories

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2021 12:26 pm
210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেঞ্চজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ হৈছে।

যোৱা বুধবাৰে সৈনিকগৰাকীৰ নিজা বাসগৃহত মৃতদেহটো উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰিছে দেশখনৰ সেনাবাহিনীয়ে।

উল্লেখ্য যে ব্যুন হুই-চ্যু নামৰ ২৩ বছৰীয়া সৈনিকগৰাকীক যোৱা বৰ্ষত লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ বাবে ছুটি প্ৰদান কৰিছিল দেশখনৰ সেনাবাহিনীয়ে।

ইয়াৰ পিছতে থাইলেণ্ডত ব্যুন হুই-চ্যুৱে লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি দক্ষিণ কোৰিয়াৰ দক্ষিণ চিউলৰ গৃহ চহৰ চেইংগজুলৈ ওভতি আহে। চেইংগজুৰ নিজা বাস গৃহতে সেনাবাহিনীৰ জৰুৰীকালীন বিভাগৰ বিষয়াসকলে ব্যুনৰ মৃতদেহটো উদ্ধাৰ কৰে।

তাইৰ মৃত্যুৰ কাৰণ কি সেয়া জানিব পৰা হোৱা নাই যদিও তাৎক্ষণিকভাৱে হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বিষয়াসকলৰ মতে ব্যুন হুই-চ্যুৰ কিছুদিনৰ পূৰ্বেই মৃত্যু হৈছে।

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএন-এ দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি যোৱা ২৮ ফেব্ৰুৱাৰিৰ পৰা ব্যুন হুই-চ্যুৱে সেনাবাহিনীৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি দিছিল।

ইয়াৰ পিছতে সেনাবাহিৱীৰ জুৰুৰীকালীন সেৱাৰ বিষয়াসকলে ব্যুন হুই-চুৰ সন্ধানত নামি পৰে।

উল্লেখ্য যে পুৰুষৰ পৰা মহিলালৈ নিজকে ৰূপান্তৰ কৰাৰ পিছত ব্যুন হুই-চ্যুৱে দেশৰ মহিলা সেনাবাহিনীত সেৱা আগবঢ়োৱাৰ কথা আছিল।

ইফালে চেন্টাৰ ফৰ মিলিটাৰি হিউমেন ৰাইটছ কোৰিয়াৰ এগৰাকী মুখপাত্ৰৰ মতে অহা এপ্ৰিল মাহত ব্যুন হুই-চ্যুক সামৰিক বাহিনীৰ পৰা বৰ্খাস্ত কৰাৰ এক গোচৰৰ শুনানি আছিল।