NORTHEAST NOW (Assamese)
অসম

কঁহৰা মডেল চিকিৎসালয় শীঘ্ৰে মুকলি কৰাৰ দাবীত কাজিৰঙাত আটছাৰ অৱস্থান ধৰ্মঘট

Posted by: উত্তম শইকীয়া March 20, 2018 11:25 pm
Tea Triba Students Association protest at Bokakhat

নৱ নিৰ্মিত কঁহৰা আদৰ্শ চিকিৎসালয়খন অতি শীঘ্ৰে মুকলি কৰাৰ দাবীৰ লগতে ১৯৩২ চনৰ আইন অমান্য আন্দোলনৰ শ্বহীদ বিজু বৈষ্ণৱৰ নামত চিকিৎসালয়খন নামাকৰণ কৰাৰ দাবীত আজি চাহ জনজাতি ছাত্ৰ সন্থাই চিকিৎসালয়খনৰ প্ৰৱেশ পথত অৱস্থান ধৰ্মঘট কাৰ্যসুচী পালন কৰে।

আটছাৰ বোকাখাত শাখাৰ উদ্যোগত শতাধিক কৰ্মী তথা স্থানীয় ৰাইজে আজিৰ এই ধৰ্মঘটত অংশ গ্ৰহন কৰে।

উল্লেখযোগ্য যে বৃহত্তৰ কাজিৰঙাৰ স্থানীয় জনসাধাৰণৰ উপৰিও কাজিৰঙাৰ বনকৰ্মী আৰু দেশী বিদেশী পৰ্যটকৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথত সততে সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ প্ৰৱল দাবীত ২০১১ চনতে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কহঁৰা আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল।

বিগত সাত বছৰৰ পাছত ৮ মাহ পূৰ্বে এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হয় যদিও নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো ৰহস্যজনক ভাৱে চিকিৎসালয়খন মুকলি নকৰাত আজি চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰোপৰি ১৯৩২ চনৰ আইন অমান্য আন্দোলনৰ শ্বহীদ বোকাখাত অঞ্চলৰ বিজু বৈঞ্চৱ ওৰফে বেজা বাউৰী প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ নামত চিকিৎসালয়খন নামাকৰণ কৰিবলৈ দাবী জনাই ছাত্ৰ সংগঠনটোৱে অসমৰ স্বাস্থ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷