NORTHEAST NOW (Assamese)
Popular Stories

বলিউদ ড্ৰাগছ কাণ্ড : এনচিবিৰ চাৰ্জশ্বিটক অন্তঃসাৰশূণ্য আখ্যা ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2021 6:24 pm

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰোৱে (এন.চি.বি.) দাখিল কৰা চাৰ্জশ্বিটখন অন্তঃসাৰশূণ্য বুলি অভিহিত কৰিছে অন্যতম অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তা সতীশ মানছিন্দেই।

উল্লেখযোগ্য যে শুকুৰবাৰে এন.চি.বি.য়ে ১১,৭০০ পৃষ্ঠাৰ এখন চাৰ্জশ্বিট দাখিল কৰিছে, য’ত ৩৩ জন অভিযুক্তৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীৰ লগতে অভিনেত্ৰীগৰাকীৰ ভাতৃ শ্ব’ৱিকো আছে।

ইণ্ডিয়া টুডে টিভিৰ স’তে শুকুৰবাৰে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত অধিবক্তাজনে কয় যে চাৰ্জশ্বিটখন আশানুৰূপভাৱেই প্ৰস্তুত কৰা হৈছে।

ইয়াৰ দ্বাৰা যিকোনো প্ৰকাৰে ৰিয়া চক্ৰৱৰ্তীক জগৰীয়া কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ কয়।

‘‘ৰিয়া চক্ৰৱৰ্তী অবিহনে, এই কেচটোৰ কোনো বিশেষ উপাদান নাই।’’ তেওঁ কয়।

অধিবক্তাজনে আৰু কয় যে ৩৩ জন অভিযুক্তৰ পৰা যিমান পৰিমাণৰ নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰা হৈছে,  এখন চাৰ্জশ্বিটৰ সিমানখিনি পৰ্যাপ্ত পৰিমাণৰ নহয়।

এটা সামান্য আৰক্ষী অভিযানতে সিমানখিনি নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰিব পাৰি বুলি জনায়।

‘‘হয়তু অভিযোগসমূহ মিছা, অন্যথা সঁচা কথাটো ভগৱানেহে জানে!’’ অধিবক্তাজনে কয়।

অধিবক্তাজনে কয় যে চাৰ্জশ্বিটত থকা সাক্ষ্যপ্ৰমাণসমূহ ক্ষুদ্ৰ পৰিমাণৰ আৰু ই পৰ্যাপ্ত নহয়।

তদুপৰি অধিবক্তাজনে আশা প্ৰকাশ কৰে যে শেষত তেওঁলোকেই গোচৰটোত বিজয়ী হৈ শেষ হাঁহি মাৰিব।