আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ তথা অন্তিমখন টেষ্টত বিজয়সাব্যস্ত কৰি শৃংখলাজয়েই নহয়, আইচিচি টেষ্ট ৰেংকিঙত শীৰ্ষস্থানতো উপনীত হৈছে টীম ইণ্ডিয়া।
নিউজিলেণ্ডক পাছ পেলাই টীম ইণ্ডিয়াই এই স্থান দখল কৰিছে।
আনহাতে, প্ৰথম আৰু দ্বিতীয় স্থানত থকা দুয়োটা দলে জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগা আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণই হ’ব।
উল্লেখযোগ্য যে টীম ইণ্ডিয়াৰ পূৰ্বে নিউজিলেণ্ড হৈছে প্ৰথমটো দল, যি এই প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
India on 🔝
Virat Kohli and Co. are No.1 in the @MRFWorldwide ICC Test Team Rankings 🔥 pic.twitter.com/uHG4q0pUlj
— ICC (@ICC) March 6, 2021
১১ খন টেষ্টৰ ভিতৰত ৭খনত বিজয়ী হৈ ৪২০ পইণ্টেৰে আইচিচি টেষ্ট ৰেংকিঙত শীৰ্ষস্থান অধিকাৰ কৰিছিল কেন উইলিয়ামছন নেতৃত্বাধীন দলটোৱে।
আনহাতে, ১৭খন টেষ্ট মেচত ১২ খনতে বিজয়ী হৈ ৪৯০ পইণ্টেৰে নিউজিলেণ্ডক ওফৰাই শীৰ্ষস্থানত উপনীত হ’ল বিৰাট কোহলী নেতৃত্বাধীন দলটোৱে।