NORTHEAST NOW (Assamese)
দেশ

ৰাষ্ট্ৰ পিতা নৰেন্দ্ৰ মোদী! বিজেপি নেতাৰ পত্নীৰ মুখত এইদৰেই ‘মোদী বন্দনা’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2022 9:58 pm
Modi Father of the Nation

জাতিৰ পিতা কোন? নৰেন্দ্ৰ মোদী। হয়, আচৰিত নহ’ব। এতিয়া ভাৰতৰ নতুন জাতিৰ পিতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ পত্নী অম্ৰুতা ফাড়নভিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আখ্যা দিছে “জাতিৰ পিতৃ” হিচাপে।

অৱশ্যে এতিয়া বুলিয়েই নহয়, ২০১৯ চনতো মোদীক ‘জাতিৰ পিতা’ বুলি অভিহিত কৰিছিল অম্ৰুতা ফাড়নভিছে। মোদীৰ জন্মদিনৰ শুভেচ্ছা জনাই এক টুইটত ফাড়নভিছে মোদীক জাতিৰ পিতা আখ্যা দিছিল।

টুইটটোত তেওঁ লিখিছিল, “আমাৰ দেশৰ পিতৃ নৰেন্দ্ৰ মোডী ডাঙৰীয়াক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছো। তেওঁ আমাক সমাজৰ উন্নতিৰ দিশত অদম্য ৰূপত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে।”

এই বিষয়তে শেহতীয়াকৈ নাগপুৰত এক অনুষ্ঠানত সাক্ষাৎকাৰৰ সময়ত ফাড়নভিছক এক প্ৰশ্ন কৰা হৈছিল। সাক্ষাৎকাৰ গ্ৰহণ কৰা ব্যক্তিগৰাকীয়ে তেওঁক সুধিছিল যে তেওঁ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীক জাতিৰ পিতা বুলি অভিহিত কৰিছে, তেতিয়াহ’লে মহাত্মা গান্ধীৰ ক্ষেত্ৰত সেয়া কি হ’ব।

এই প্ৰশ্নৰ উত্তৰত ফাড়নভিছে কয় যে জাতিৰ দুগৰাকী পিতৃ আছে — এগৰাকী এই যুগৰ আৰু আন গৰাকী আগৰ যুগৰ। “মহাত্মা গান্ধী জাতিৰ পিতৃ আৰু মোদী ডাঙৰীয়া নতুন ভাৰতৰ পিতৃ।”— ফাড়নভিছে কয়।