NORTHEAST NOW (Assamese)
অসম

ক্ষুদ্ৰ উদ্যোগক চৰকাৰী আঁচনিৰ অধীনত সাহায্য দিয়াৰ নামত বামুণী মৈদামস্থিত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমত কেলেংকাৰি : গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ March 21, 2018 7:34 am
NSIC

কেন্দ্ৰীয় চৰকাৰে দেশৰ ক্ষুদ্ৰ উদ্যোগবোৰক ঠন ধৰি উঠাত সহায় কৰিবলৈ লোৱা আঁচনিৰ অধীনত দিয়া সাহায্য বিতৰণতো কোটি টকীয়া কেলেংকাৰি হোৱা বুলি জানিব পৰা গৈছে।

২০১১ চনৰ পৰা ২০১৬ চনৰ ভিতৰত এই ধৰণৰ উদ্যোগবোৰক গুৱাহাটীৰ বামুণীমৈদামস্থিত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ দ্বাৰা সাহায্য দিয়াৰ নামত নিগমটোৰ গুৱাহাটী শাখাত কেলেংকাৰি হোৱা বুলি তথ্য লাভ কৰাৰ পিছতে চি বি আয়ে ইয়াৰ চাৰিজন বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

মুঠ ৫ কোটি ৯৩ লাখ টকাৰ খেলিমেলি হোৱা বুলি অনুসন্ধানকাৰী সংস্থাটো অৱগত হৈছে বুলি জানিব পৰা গৈছে। সাহায্য পাব লগীয়া ক্ষুদ্ৰ উদ্যোগসমূহ নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো বিভিন্ন অনিয়ম ধৰা পৰা বুলিও সূত্ৰটোৱে কয়।

আনহাতে কেলেংকাৰিটো ধৰা পৰাৰ পিছত অনেকে অভিযোগ কৰিছে যে যথা নিয়মে সকলো চৰ্ত পূৰাই আৱেদন কৰাৰ পিছতো প্ৰকৃত ক্ষুদ্ৰ উদ্যোগীয়ে নিগমৰ পৰা কোনো সাহায্য লাভ নকৰে। লাভ কৰিবলৈ হ’লে ঘোচ দিয়াটো অঘোষিত নিয়ম হৈ পৰিছে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে নিগমৰ মুখ্য গাণনিক বিষয়া পি এন শৰ্মা, মাণ্ডলিক মুৰব্বী জে কে মহন্তকে ধৰি মুঠ চাৰিজন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০/৪২০/৪৬৪/৮৭১ ধাৰা আৰু দুৰ্নীতি নিবাৰক আইনৰ ১৩(১) আৰু ১৩(২) ধাৰাত এই গোচৰকেইটা ৰুজু কৰা হৈছে।