NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2021 3:07 pm
a rajya-sabha

দেশত সৰ্বনাশী ৰূপ গ্ৰহণ কৰা মূল্যবৃদ্ধিৰ প্ৰসংগ আজি ৰাজ্যসভাৰ মজিয়াত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল।য

ইয়াৰ বিপৰীতে বছৰৰ পিছত বছৰ ধৰি সংসদত গৃহীত নোহোৱা মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়টোকলৈয়েই সামৰি থোৱা হয় ৰাজ্যসভাৰ কাম-কাজ।

বহু দিন ধৰি তল পৰি থকা বিষয় এটাই যেন আজি পুনৰ সংসদৰ মজিয়াত সাৰ পাই উঠিল। আজি ভাৰতকে ধৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰি থকা হৈছে আন্তৰ্জাতিক নাৰী দিৱস।

নাৰী দিৱসৰ এই দিনটোতে আজি ৰাজ্যসভাত একাংশ মহিলা সাংসদে পুনৰ লোকসভা আৰু ৰাজ্যিক বিধানসভা সমূহত নাৰীৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰে।

সাংসদ ছায়া বাৰ্মা,প্ৰিয়ংকা চতুৰ্বেদী,ফাউজিয়া খান আদিয়ে আজি পুনৰ সংসদৰ মজিয়াত নাৰীৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰি কয় যে ৰাজনৈতিক ক্ষেত্ৰ খনত অধিক সংখ্যক মহিলাৰ অংশগ্ৰহণে মহিলাসকলৰ সমস্যা সমাধানত সহায় কৰিব।

দেশত মহিলাৰ বাবে নিৰ্বাচনত ৩০ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও কোনো এটা ৰাজনৈতিক দলেই সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা নাই।

বিজেপিৰ সাংসদ সৰোজ পাণ্ডেই কয় যে চৰকাৰে বেটি বাচাও বেটি পঢ়াও শ্ল’গান কাৰ্যকৰী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও আজিও দেশত মহিলাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটা নাই।

কংগ্ৰেছৰ সাংসদ এমি য়াগনিকে কয় যে দেশৰ পঞ্চায়তত মহিলাৰ অংশগ্ৰহণৰ বাট মুকলি কৰি দিছিল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে।

সেই ধাৰা আজিও অব্যাহত থকা বুলি তেওঁ দাবী কৰে।উল্লেখ্য লোকসভাত এতিয়াও মহিলাৰ বাবে সংৰক্ষণৰ বিধেয়ক খন গৃহীত নোহোৱাকৈয়ে আছে।

ইপিনে আজি ৰাজ্যসভাত কংগ্ৰেছৰ সাংসদ মল্লিকাৰ্জুন খৰ্গেই দেশত হৈ থকা অত্eযৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ মূল্যবৃদ্ধি প্ৰসংগ উত্থাপন কৰিবলৈ বিচাৰে যদিও ৰাজ্যসভাৰ উপাধ্যক্ষ এম ভেকয়া নাইডুৱে অনুমতি নিদিলে।