NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোনয়ন পত্র?

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 8, 2021 2:32 pm
155512718_4069084763109762_1614877952894308684_o

৯৩ নং বোকাখাত বিধান সভা সমষ্টিত অসম গন পৰিষদ দলৰ প্ৰাৰ্থী তথা মন্ত্রী অতুল বৰাক প্ৰত্যাহ্বান জনায় মহাজোঁটৰ প্ৰাৰ্থীৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্র দাখিল কৰিছে।

ইফালে বোকাখাতৰ অগপৰ হৈ আজি পুৱা মনোনয়ন পত্ৰ দাখিল কৰে দলটোৰ সভাপতি অতুল বৰাই৷

অগপ আৰু বিজেপি দলৰ কৰ্মী আৰু সমৰ্থকৰে বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিৰ বাকৰিৰ পৰা উলিওৱা এক বিশেষ সমদলেৰে গৈ অতুল বৰাই বোকাখাতৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে৷

একেদৰে ৰাইজৰ দলৰ হৈ জীৱন চন্দ্ৰ বৰা আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনৰ প্ৰাৰ্থী প্ৰণৱ দলেও আজি বোকাখাত সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে৷

তিনিওজন প্ৰাৰ্থীয়েই নিজৰ নিজৰ সমৰ্থকক লৈ সদলবলে বোকাখাতৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে৷

মনোনয়ন দাখিলৰ সময়ত অতুল বৰাৰ লগত সংগ দিয়ে বিজেপিৰ নেতা চন্দ্ৰমোহন পটোৱাৰী আৰু গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা আৰু বিজেপিৰ দলৰ ৰাজ্যিক যুৱ মৰ্চাৰ আকাশ ফুকনে৷

ইয়াৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰে আৰটিআই কৰ্মী দুলাল বৰাই৷