NORTHEAST NOW (Assamese)
অসম

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী March 9, 2021 7:51 am
IMG-20210308-WA0132

আসন্ন অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ত ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফ দলে।

কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এক সংবাদমেলযোগে প্ৰাৰ্থীকেইগৰাকীৰ নাম ঘোষণা কৰা হয়।

সংবাদমেলত দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কলাইগাঁও সমষ্টিত দূৰ্গাদাস বড়ো, পানেৰী সমষ্টিত কৰুণাকান্ত স্বৰ্গীয়াৰী, ওদালগুৰিত ৰিহন দৈমাৰী আৰু মাজবাটত চৰণ বড়োক বিপিএফৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

এইবাৰ কলাইগাঁও সমষ্টিত বিপিএফৰ বিধায়ক মহেশ্বৰ বড়োৰ সলনি দূৰ্গাদাস বড়োক আৰু পানেৰী সমষ্টিৰ বিপিএফৰ বিধায়িকা কমলী বসুমতাৰীৰ সলনি কৰুণাকান্ত স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে কংগ্ৰেছ কংগ্ৰেছ দলৰ পৰা বিপিএফ দলত যোগদান কৰাৰ কেইমিনিটমানৰ পাছতেই দূৰ্গাদাস বড়োৱে প্ৰাৰ্থিত্ব লাভ কৰে। কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ বড়োৱে সংবাদমেল চলি থকাৰ সময়তে বিপিএফত যোগদান কৰিছিল।

ইপিনে হাগ্ৰামা মহিলাৰীয়ে মহাজোঁটে কমেও ৭০ খন আসন লাভ কৰিবই বুলি দাবী কৰে। তেওঁ লগতে পাটাছাৰকুচি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস হাৰিব বুলি মন্তব্য কৰি মাজুলী সমষ্টিৰ পৰা নিৰ্বাচন খেলিলেও ৰঞ্জিত দাস জিকিব নোৱাৰে বুলি মন্তব্য কৰে।