NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ : আৰু নটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা; কোনে ক’ত খেলিব নিৰ্বাচন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2021 12:00 pm
158325653_3651255315098972_1371538705393563669_o

নতুনকৈ জন্ম লাভ কৰা ৰাজ্যখনৰ অন্যটো আঞ্চলিক দল ৰাইজৰ দলে ২০২১ বিধাসভা নিৰ্বাচনৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

মংগলবাৰে প্ৰকাশ কৰা তৃতীয়খন তালিকাত দলটোৱে প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে আৰু দুজন, দ্বিতীয় পৰ্যায়ৰ এজন আৰু তৃতীয় পৰ্যায়ৰ বাবে ছজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পূৰ্বে ঘোষণা কৰা চাবুৱা সমষ্টিৰ প্ৰাৰ্থীজনৰ নাম প্ৰত্যাহাৰ কৰি নতুন এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

পৰৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত পূৰ্বে ঘোষণা কৰা ১২১ নং চাবুৱা সমষ্টিৰ দ্বিপনজ্যোতি ফুকনৰ সলনি ভৱেন বৰুৱাক মনোনীত কৰা হৈছে বুলি প্ৰকাশ কৰিছে দলটোৱে।

156406549_197193558829681_6304082793995823245_o

আজি প্ৰকাশিত তালিকা অনুসৰি প্ৰথম পৰ্যায় নিৰ্বাচনৰ ১১৭ নং লাহোৱাল সমষ্টিত দিব্যজিত দত্তক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে ৯৭ নং দেৰগাঁও সমষ্টিৰ বাবে প্ৰবীন দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ বাবে পংকজ শইকীয়াই প্ৰাৰ্থীত্ব লাভ কৰিছে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলটোৰ কেন্দ্ৰীয় কমিটিৰ দুই উপ সভাপতি ক্ৰমে ৰাছেল হুছেইনক ৬০ নং বৰক্ষেত্ৰী আৰু কমল মেধিক ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব দিয়া হৈছে।

এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫৩ নং গুৱাহাটী পূৱত দিৱস ফুকন, ৪৪ নং জনিয়াত আশ্ৰাফুল ইছলাম, ৩৭ নং গোৱালপাৰা পূৱত আমিনুল হক আৰু ৬৩ নং ছাপাগুৰি বিধানসভা সমষ্টিত সুজন দাসে প্ৰাৰ্থীত্ব লাভ কৰিছে।