NORTHEAST NOW (Assamese)
অসম

কিন্তু কিয়? ন্যায়াধীশৰ বিচাৰপীঠৰ পৰা নিযুক্তি দুৰ্নীতিৰ গোচৰ আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 29, 2023 8:28 am

বিগত কেইমাহমানৰ পৰা বিদ্যালয়ৰ নিযুক্তিৰ দুৰ্নীতিৰ গোচৰক লৈ তোলপাৰ হৈ পৰিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ। কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে ইটোৰ পিছত সিটো ৰায় দি একপ্ৰকাৰ চৰকাৰক অস্বস্তিত পেলাইছে। আনহাতে, সাধাৰণ জনতা আৰু বিৰোধী উৎসাহিত হৈছে।  

কিন্তু এইবাৰ ন্যায়াধীশগৰাকীৰ বিচাৰপীঠৰ পৰা নিযুক্তি দুৰ্নীতিৰ গোচৰ অঁতৰাই নিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ে। নিযুক্তিৰ দুৰ্নীতিৰ সৈতে জড়িত গোচৰ আন এজন ন্যায়াধীশলৈ হস্তান্তৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক: অৱশেষত ন্যায়! যৌন নিৰ্যাতনৰ অভিযোগত বিজেপি সাংসদৰ বিৰুদ্ধে FIR দিল্লী আৰক্ষীৰ

অভিযোগ অনুসৰি, বিচাৰাধীন বিষয়কলৈ তেওঁ টিভি চেনেলক সাক্ষাৎকাৰ দিছিল। এই অভিযোগ উচ্চতম ন্যায়ালয়লৈ যায়।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠত অভিযোগ উত্থাপন হয় যে ৰাজ্যখনৰ নিযুক্তি দুৰ্নীতিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকা সময়তে ন্যায়াধীশ গংগোপাধ্যায়ে এটা টিভি চেনেলক সাক্ষাৎকাৰ দিছে।

লগতে পঢ়ক: ‘ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত অভিযোগ অবিহনেই ৰাজ্যই দাখিল কৰিব লাগিব গোচৰ’: উচ্চতম ন্যায়ালয়

বাতৰি অনুসৰি, ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে দিয়া সাক্ষাৎকাৰৰ প্ৰতিলিপিৰ সত্যতা বিচাৰ কৰি এই নিৰ্দেশ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ পি নৰসিংহক লৈ গঠিত খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।