NORTHEAST NOW (Assamese)
Popular Stories

ৰাহুল গান্ধীক কংগ্ৰেছৰ অধ্যক্ষ হোৱাটো বিচাৰে যুৱ কংগ্ৰেছে : জুন মাহত নতুন সভাপতিয়ে ল’ব দায়িত্ব!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2021 2:04 pm
Rahul Promise

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে ৰাহুল গান্ধীক দলটোৰ নেতৃত্ব লোৱাটো বিচাৰিছে।

সোমবাৰে যুৱ কংগ্ৰেছে ৰাহুল গান্ধীক দলটোৰ সভাপতি দায়িত্ব পুনৰ ন্যস্ত কৰিবলৈ দাবী কৰি কয় যে তেওঁৰ নেতৃত্বই দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে শক্তিশালী কৰি যুৱ কৰ্মীসকলক উৎসাহিত কৰিব।

সোমবাৰে দিল্লীত অনুষ্ঠিত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত এই প্ৰস্তাৱ গ্ৰহণ কৰি গৃহীত কৰা বুলি প্ৰকাশ কৰিছে যুৱ কংগ্ৰেছৰ নেতৃত্বই।

“দেশৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে যুটীয়াভাৱে ৰাহুল গান্ধীক পুনৰ জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পণৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ হওক।” প্ৰস্তাৱটো এইদৰে কোৱা হৈছে।

যুৱ কংগ্ৰেছে তেওঁলোকৰ নেতা ৰাহুল গান্ধীৰ সৈতে দৃঢ়তাৰে থিয় হৈ থকা বুলি উল্লেখ কৰি আৰু কয়, “আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ৰাহুলজীৰ নেতৃত্ব আৰু নিৰ্দেশনাত সংগঠনটো শক্তিশালী হ’ব আৰু এই নিযুক্তিয়ে সমগ্ৰ দেশৰ দলৰ কৰ্মীসকলক উৎসাহিত কৰিব।”

উল্লেখ্য যে অহা জুন মাহত কংগ্ৰেছৰ পূৰ্ণ পৰ্যায়ৰ ৰাষ্ট্ৰীয় সভাপতি মনোনীত কৰাৰ কথা। ইমধ্যে দলটোৰ ২৩ গোটৰ সৈতে এই সম্পৰ্কে দলীয়ভাৱে আলচোনা কৰা বুলিও জানিব পৰা গৈছে।

কংগ্ৰেছ নেতা গোলাম নৱী আজাদে আভ্যন্তৰীণ নিৰ্বাচনৰ দ্বাৰা দলৰ সভাপতি নিৰ্বাচিত কৰিব লাগে বুলি দাবী কৰাৰ পিছতেই যুৱ কংগ্ৰেছে এই প্ৰস্তাৱ গ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।