NORTHEAST NOW (Assamese)
অসম

কৰ’নাত আক্ৰান্ত বলীউদ অভিনেতা ৰণবীৰ কাপুৰ; জনালে মাতৃ নীতু কাপুৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2021 2:47 pm
WhatsApp Image 2021-03-09 at 1.34.33 PM

কৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ। ছচিয়েল মিডিয়াত প’ষ্ট কৰি মাক নীতু কাপুৰে এইকথা জানিবলৈ দিয়ে।

বৰ্তমান অভিনেতাগৰাকী হোম আইছ’লেশ্যনত আছে।

নীতু কাপুৰে ইনষ্টাগ্ৰামত প’ষ্ট কৰি পুত্ৰৰ এই অসুস্থতাৰ কথা জানিবলৈ দিছে। ৰণবীৰৰ ফটো প’ষ্ট কৰি তেওঁ লিখিছে,‘’ আপোনালোকৰ শুভেচ্ছা আৰু উদ্বিগ্নতাৰ বাবে ধন্যবাদ। ৰণবীৰ কোভিড-১৯ পজিটিভ। তেওঁৰ চিকিৎসা চলি আছে আৰু সোনকালেই সুস্থ হৈ উঠিছে। বৰ্তমান ঘৰতেই আইছ’লেশ্যনত আছে।‘’

পূৰ্বে এক সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত জেঠায়েক ৰণধীৰ কাপুৰে কৈছিল,’’ৰণবীৰৰ শৰীৰৰ ঠিক নহয়। কিন্তু তেওঁ কৰ’নাত আক্ৰান্ত নে আন কিবা সেয়া জানিব পৰা হোৱা নাই।‘’

উল্লেখ্য যে প্ৰায় এমাহ আগেয়ে ‘যুগ যুগ জিঅ’ৰ শ্বুটিঙৰ সময়ত কৰ’নাত আক্ৰান্ত হৈছিল ৰণবীৰৰ মাতৃ নীতু কাপুৰ। বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে।

ইপিনে, ৰণবীৰ কাপুৰ কেইবাখনো ছবিৰ কামত ব্যস্ত হৈ আছে। আলিয়া ভাটৰ সৈতে ‘ব্ৰহ্মাস্ত্ৰ’ ছবিৰ কাম কৰি আছে ৰণবীৰে।

অভিনেতাগৰাকী শীঘ্ৰেই সুস্থ হৈ উঠাৰ কামনা কৰিছে অনুৰাগীসকলে।