সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামোৰা ‘মেজৰ’ নামৰ কুকুৰটোক বিডেনে ২০১৮ চনত তুলি লৈছিল।
আনহাতে ‘চেম্প’ নামৰ আনটো কুকুৰৰ বয়স ১৩।
হোৱাইট হাইচৰ অহাৰ পাছৰে পৰা তিনিবছৰীয়া মেজৰে হোৱাইট হাউচৰ কৰ্মীসলক ভুকি আছিল আৰু অৱশেষত এজনক কামুৰি দিয়ে।
উল্লেখযোগ্য যে ইয়াৰ আগতেও হোৱাইট হাউচত বহুকেইটা কুকুৰে বাস কৰি গৈছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলে কুকুৰ পোহাটো এটা বহু পুৰণি চখ।
বিডেনৰ দৰে প্ৰাক্তন ৰাষ্ট্ৰপতি লেইদন বি জনছনেও য়ুকি নামৰ এটা কুকুৰ তুলি লৈ পোহনীয়া কৰিছিল।
একমাত্ৰ ডনাল্ড ট্ৰাম্পৰ বাদে সকলো ৰাষ্ট্ৰপতিয়ে নিজৰ কাৰ্যকালত হোৱাইট হাউচত কুকুৰ পুঁহিছিল।
হোৱাইট হাউচৰ ইতিহাসত ১০০ বছৰৰ পাছত ডণাল্ড ট্ৰাম্প প্ৰথম ৰাষ্ট্ৰপতি- যি কুকুৰ পোহা নাছিল।
এই সন্দৰ্ভত ট্ৰাম্পে কৈছিল যে কুকুৰ পুঁহিবলৈ তেওঁৰ সময় নাই।