NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ, আমগুৰিত ছয় গৰাকীকৈ আৰু থাওৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 11, 2021 6:32 am
a siva

ৰাজ্যত অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ইতিমধ্যে শেষ হৈ গৈছে।

প্ৰথম পৰ্যায়ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ  পোন্ধৰ গৰাকী প্ৰাৰ্থীয়ে ৯ মাৰ্চত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে।

১০৮ নং, শিৱসাগৰ বিধান সভা সমষ্টিৰ বাবে ছয় জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। সেই সকল হল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈ, বিজেপি দলৰ হৈ সুৰভি ৰাজকোঁৱৰী, কংগ্ৰেছ দলৰ হৈ শুভ্ৰমিত্ৰ গগৈ,  এনচিপি দলৰ অজিত হাজৰিকা, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰূপা বড়া আৰু হেমন্ত বৰুৱাই।

১০৩ নং আমগুৰি বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ অংকিতা দত্ত, অগপ- বিজেপিৰ মিত্ৰ যোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা,  অসম জাতীয় পৰিষদৰ চন্দ্ৰ বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে।

আনহাতে এইবাৰ  আমগুৰি বিধান সভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। সেই কেইজন হৈছে প্ৰদীপ হাজৰিকা, ৰাজকুমাৰ দুৱকা আৰু ধৰ্মেশ্বৰ ঘাটোৱাৰ।

ইপিনে ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ বাবে তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

থাওৰাত কংগ্ৰেছ দলৰ হৈ সুশান্ত বৰগোঁহাই, বিজেপি দলৰ হৈ কুশল দুৱৰী আৰু অসম জাতীয় পৰিষদৰ হৈ  দ্বীপেন তাঁতীয়ে মনোনয়ন দাখিল কৰে।