NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী বতৰত ৰাজ্যৰ বাটে-ঘাটে এতিয়া কেৱল ওলাইছে টকা আৰু টকা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 11, 2021 6:57 am
a toka

নিৰ্বাচনী বতৰত ৰাজ্যত যেন টকাৰ উজান উঠিছে।ফ্লায়িং স্কোৱাডৰ অভিযানত প্ৰতিদিনে সেয়ে অসমৰ বিভিন্ন স্থানত ৰাজপথৰ পৰা জব্দ হৈছে লাখে লাখে টকা।

বােকাখাতৰ মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ষ্টেটিক ছাৰ্ভিলেন্স টিম আৰু বোকাখাত আৰক্ষীয়ে  বোকাখাত নগৰৰ সমীপৰ লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত চলোৱা তালাচী অভিযানত আঠ গৰাকী ব্যক্তিৰ পৰা মুঠ ১১,১৮,৮৪০ লাখ টকা জব্দ কৰে ৷

নীতি বৰ্হিভূত ভাৱে নিয়া এই ধন খিনি তাৎক্ষণিক ভাৱে জব্দ কৰিছে অভিযানকাৰী দলে ৷

কলিয়াবৰৰ পৰা ৰিদিপ শৰ্মা: কলিয়াবৰ আৰক্ষীৰ হাততো জব্দ  হৈছে বৃহৎ পৰিমাণৰ ধন। কলিয়াবৰ , উলুৱনী আৰু চুলং আৰক্ষীয়ে যুটীয়া ভাবে অভিযান চলাই জব্দ কৰে দহ লাখ উনাশী হাজাৰ টকা।

জানিব পৰা অনুসৰি ৩৭ নং(ক) ৰাষ্ট্ৰীয় ঘাইপথৰ চুলঙত আগন্তুক নিৰ্বাচন সন্দৰ্ভত নাকা তালাচী চলাই থকা অৱস্থাত চাৰিখন বাহনৰ পৰা জব্দ কৰে উক্ত ধনখিনি।

জব্দ কৃত বাহন ৪ খনৰ নম্বৰ ক্ৰমে : এ আৰ ০২ ৬০৭০ ৰ ইনভা, এছ ০২ চিচি ৫২৩৩ নম্বৰৰ এ চি বাহন ,এছ ০১ এম চি ০৭৫০ টাটা মোবাইল , আৰু এছ ০২ চিচি ২৫৮৯ ।

জব্দ হোৱা এই বৃহৎ পৰিমাণৰ ধন সন্দৰ্ভত উপযুক্ত প্ৰমাণ বাহন কেইখনৰ লোকে আৰক্ষীক বৰ্তমান সময়লৈকে দিব নোৱাৰাত আৰক্ষীয়ে কলিয়াবৰ মহকুমাৰ দণ্ডাধীশৰ উপস্থিতিত কলিয়াবৰ কোষাগাৰত ধন খিনি  জমা ৰাখে।

আৰক্ষীয়ে বাহন কেইখন জব্দ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।