NORTHEAST NOW (Assamese)
দেশ

বিধান সভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটত মেলিলে ফাঁট ; অকলেই যুঁজাৰ সিদ্ধান্ত অজিত বাহিনীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 28, 2024 9:53 am

কেইমাহমানৰ পিছত মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটলৈ নামি আহিছে সংকট। কিয়নো ফাঁট মেলিছে মিত্ৰজোঁটত।

মহাৰাষ্ট্ৰৰ এই মিত্ৰতাত আছে একনাথ সিন্ধেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এন চি পি। এন চি পিৰ নেতা (অজিত গোট) অমল মিতকাৰীয়ে আসন বিতৰণ সন্দৰ্ভত কৰা মন্তব্যৰ পিছতেই অস্থিৰ হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি।

সম্প্ৰতি মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটত মুখ্যমন্ত্ৰী একনাথ সিন্ধৰ নেতৃত্বত শিৱসেনা গোট, বিজেপি আৰু অজিত পাৱাৰৰ নেতৃত্বত এনচিপি গোট আছে। এই মিত্ৰতাই মহাৰাষ্ট্ৰত বিৰোধী ঐক্য ইণ্ডিয়াত্ক ৰোধ কৰিব নোৱাৰিলে।

যাৰ ফলত লোকসভা নিৰ্বাচনৰ পিছত এজনে আনজনক মুকলিকৈ দোষাৰোপ কৰিবলৈ ধৰিলে। এন চি পিৰ সংবিধান সভাৰ সদস্য অমল মিতকাৰীয়েও যেন অকলে যুঁজাৰ কথা ঘোষণা কৰি জ্বলা জুইত ঘিঁ ধালিলে।

মঙলবাৰে সন্ধিয়া এন চি পিৰ নেতাগৰাকীয়ে কয় যে, “আগন্তুক বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ মিত্ৰজোঁটৰ সদস্যসকলে পৃথকে পৃথকে যুঁজিব লাগিব। কাৰণ যদি সকলো সদস্যই ২৮৮খন আসনৰ ভিতৰত ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেন্তে সমীকৰণটো কেনেকৈ ভাৰসাম্যপূৰ্ণ হ’ব।”

উল্লেখ্য যে অমল মিতকাৰীয়ে বিজেপিক লক্ষ্য কৰি কৰা এই মন্তব্য সকলোৱে বুজি পাইছে। বিজেপি বিধান পৰিষদৰ প্ৰবীণ দৰেকাৰে এনচিপি নেতাগৰাকীক উত্তৰ দি এন চি পিৰ শীৰ্ষ নেতৃত্বই মিতকাৰীক সকীয়াই দিব লাগে বুলিও মন্তব্য কৰে।

দলৰ অনুমতি সাপেক্ষে মিতকাৰীয়ে এনে মন্তব্য কৰিছে নে নাই সেয়া দলৰ মুৰব্বী বা ৰাজ্যিক সভাপতিয়ে স্পষ্ট কৰিব লাগে বুলি দাবী কৰিছে বিজেপি নেতাগৰাকীয়ে।