NORTHEAST NOW (Assamese)
দেশ

 ৰাইজৰ বোজা ল’ব নোৱাৰে বিজেপিয়ে! ১০ দিনত ভাঙি পৰিল বিজেপিয়ে নিৰ্মাণ কৰা ৪ খনকৈ দলং

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 28, 2024 12:07 pm
 ৰাইজৰ বোজা ল’ব নোৱাৰে বিজেপিয়ে! ১০ দিনত ভাঙি পৰিল বিজেপিয়ে নিৰ্মাণ কৰা ৪ খনকৈ দলং

বিহাৰত পুনৰ ভাঙি পৰিল দলং। কংকাই নদীৰ উপনৈ মাদিয়াৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ৭০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং।

এই দলং খন ভঙাৰ পিছত বিহাৰত বিগত ১০ দিনত বিহাৰত ভঙা দলঙৰ সংখ্যা ৪ খনলৈ বৃদ্ধি পায়।

বিহাৰৰ কিষানগঞ্জ জিলাত সংঘটিত হৈছে এই ঘটনা। বাহাদুৰগঞ্জ আৰু দীঘলবেংকৰ সংযোগী দলং খন ভাঙি পৰাৰ পিছত বৰ্তমান ব্লক দুটাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি নদীৰ পানীৰ সোঁতৰ ফলত দলংখন ভাঙি পৰে। দলঙৰ দুয়োকাষে বেৰিকেড লগোৱা হৈছে যাতে সাধাৰণ মানুহ সুৰক্ষিত হৈ থাকে।

জিলা দণ্ডাধীশ তুষাৰ চিংলাই জনোৱা মতে, নেপালৰ জলাশয় এলেকাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পায়। যাৰ বাবে দলঙৰ এটা খুঁটা ভাঙি যায়।

ইয়াৰ পূৰ্বে দেওবাৰে বিহাৰৰ পূব চম্পাৰণ জিলাত ১৬ মিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণাধীন দলং ভাঙি পৰে। শনিবাৰেও ছিৱানৰ দাৰুণ্ডা অঞ্চলত আন এখন দলং ভাঙি পৰে।