NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ আশিস কৰৰ প্ৰশিক্ষণত ভাৰতীয় হেণ্ডবল দলে পাকিস্তানত জিকিলে চেলেঞ্জাৰ ট্ৰফি

Posted by: এন ই নাও নিউজ March 21, 2018 4:13 pm
indian handball team coach ashis kar

ত্ৰিপুৰাৰ আশিস কৰৰ প্ৰশিক্ষণত পাকিস্তানৰ ফেস্লাবাদত ইণ্টাৰনেশ্বনেল হেণ্ডবল ফেডাৰে’চন চেলেঞ্জাৰ ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছে ভাৰতীয় হেণ্ডবল দল।

১০ৰ পৰা ১৫ মাৰ্চলৈ হোৱা এই চেলেঞ্জাৰ ট্ৰফি এক মধ্য আৰু দক্ষিণ এছীয় প্ৰতিযোগিতা।

প্ৰতিযোগিতাখনৰ অনূৰ্ধ্ব ১৯ আৰু ২১ দুয়োটা শাখাতে ভাৰত চূড়ান্ত বিজয়ী হৈছে। আনহাতে পাকিস্তান আৰু বাংলাদেশে প্ৰতিযোগিতাখনত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে।

এই বিজয়ৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰশিক্ষক আশিস কৰে কয় যে তেওঁৰ পৰৱৰ্তী লক্ষ্য হ’ল ৫ম দক্ষিণ এছীয় গে’মছ।

তি এন তিৰ প্ৰতিবেদন অনুসৰি জুনিয়ৰ শাখাত ভাৰতে পাকিস্তান, বাংলাদেশ, নেপাল, আফগানিস্থান আৰু মালদিৱৰ বিৰুদ্ধে খেলা মুঠ পাঁচখন খেলৰ আটাইকেইখনতে জয়ী হয়। প্ৰতিদ্বন্দ্বী দলৰ ১০৩ টাৰ বিপৰীতে ভাৰতীয় দলে ২০৬ গ’ল দি ১০ পইণ্ট পায়।

আনহাতে ২১ বছৰ অনূৰ্ধ্ব শাখাত অনুষ্ঠিত চাৰিওখন খেলত জয়ী হৈ ভাৰতে ৮ পইণ্ট পায়। প্ৰতিদ্বন্দ্বী দলৰ ৭৬ টাৰ বিপৰীতে ভাৰতীয় দলে ২১৩ টা গ’ল দিয়ে।