NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছে ঘোষণা কৰিলে আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম; ডিফুত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব ছুম ৰংহাং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2021 2:58 pm
Congress candidate

কংগ্ৰেছে আজি আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলটোৱে আজি বোকাজান আৰু ডিফু সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

সেই অনুসৰি ১৭ নং বোকাজান (এছ টি) সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰতন ইংতিক।

আনহাতে, ১৯নং ডিফু (এছ টি) সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিৰ পৰা পুনৰ কংগ্ৰেছলৈ অহা প্ৰাক্তন পাৰ্বত্য এলেকা উন্নয়ন আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী ছুম ৰংহাঙক।

উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে বুধবাৰে ২৬ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল।

 

উক্ত তালিকাত বহু ৰথী-মহাৰথীৰ নাম বাদ পৰিছে। একেদৰে তালিকাত সন্নিবিষ্ট হৈছে বহু নতুন মুখ।

১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১২ মাৰ্চ।

সেইদৰে মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন ১৫ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ মাৰ্চ।

উল্লেখ্য যে কংগ্ৰেছে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকাত কমলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে বহু বছৰৰে পৰা টিকটৰ অপেক্ষাত থকা কিশোৰ কুমাৰ ভট্টাচাৰ্যক।