NORTHEAST NOW (Assamese)
অসম

অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিলে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2021 7:14 pm
eci

অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা আজি জাৰি কৰে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ।

সেই মৰ্মে ৰাজ্যৰ ৪০টা বিধানসভা সমষ্টিত আৰম্ভ হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া।কেন্দ্ৰীয় নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোননয় পত্ৰ দাখিলৰ অন্তিম তাৰিখ:১৯ মাৰ্চ, মনোননয় পত্ৰ পৰীক্ষাৰ  তাৰিখ ২০ মাৰ্চ , মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ:২২ মাৰ্চ।

নিৰ্বাচন অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২ মে’।

উল্লেখ্য  কেন্দ্ৰীয় নিৰ্বাচন আয়োগে  ২৬ ফেব্ৰুৱাৰীত অসমকে ধৰি পাঁচৰাজ্য ক্ৰমে তামিলনাডু, পুডুচেৰী,কেৰালা, পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল।

নতুন দিল্লীত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই ঘোষণা কৰিছিল যে ১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন  তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব।

২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।৪৭ টা সমষ্টিত হ’ব প্ৰথম পৰ্যায়ৰ নিবাচন।

১ এপ্ৰিলত  ৩৯ সমষ্টিত দ্বিতীয় আৰু ৬ এপ্ৰিলত ৪০ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য অসমত চলিত বৰ্ষৰ ৩১ মে’ত অন্ত পৰিব বৰ্তমানৰ চৰকাৰ খনৰ কাৰ্যকাল।

সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত অৰোৰাই কৈছিল যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত অসমত ৮৩.৯ শতাংশ ভোটদান হৈছিল।

এইবাৰ ৰাজ্য খনত পূৰ্বতকৈ বেছি ভোটদান হ’ব বুলি তেওঁ আশা ব্যক্ত কৰিছে।

অসমৰ ৩৩ হাজাৰতকৈ অধিক ভোট কেন্দ্ৰত তিনিওটা পৰ্যায়ৰ  ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচনত কৰ্তব্যৰত সকলো কৰ্মচাৰীক কোভিড ভেকচিন প্ৰদান কৰা হ’ব আৰু ৰোড শ্ব’ৰ ক্ষেত্ৰত কোভিড প্ৰ’টোকল মানি চলিব লাগিব ।

ভোটকেন্দ্ৰলৈ ভোটাৰসকলে মাস্ক পৰিধান কৰি আহিব লাগিব আৰু ভোটকেন্দ্ৰত হাত ছেনিটাইজ কৰিব লাগিব।

অপৰাধী গোচৰ থকা প্ৰাৰ্থীসকলে বাতৰি কাকত, টেলিভিছনত  বিজ্ঞাপন প্ৰকাশ কৰি তেওঁলোকৰ অপৰাধৰ কথা মানুহক জনাব লাগিব।