NORTHEAST NOW (Assamese)
অসম

ভৱানীপ্ৰসাদ অধিকাৰীলৈ আগবঢ়োৱা হৈছে অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2021 2:57 pm
Bhabani Prasad Adhikari

পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্যিক তথা সমালোচক ভৱানীপ্ৰসাদ অধিকাৰীলৈ অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা আগবঢ়োৱা হৈছে।

১৯৪৩চনত নলবাৰী জিলাৰ টিহুৰ মাখিবাহা গাওঁত জন্ম গ্ৰহণ কৰা অধিকাৰীয়ে পঢ়াশলীয়া দিনৰে পৰা নিৰৱিছিন্নভাবে সাহিত্য চৰ্চা কৰি আহিছে ।

ভাষা-ভাষাতত্ত্বকে ধৰি গৱেষণাধৰ্মী আৰু সমালোচনামূলক প্ৰবন্ধকাৰ ৰূপে অধিকাৰী খ্যাতিমান।

index

মননশীল, চুটিগল্প, কবিতা,গীতৰ উপৰি অধিকাৰীয়ে নাট্য চৰ্চাও কৰি আহিছে। অধিকাৰীয়ে ভালেমান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে।

সাম্প্ৰতিক কালৰ অসমৰ আগশাৰীৰ প্ৰায়বোৰ বাতৰিকাকত, আলোচনীৰ তেওঁ নিয়মীয়া লেখক।

১৬ মাৰ্চত বকোৰ চমৰীয়া সত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম সত্ৰ মহাসভাৰ সেতুবন্ধ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীক উক্ত বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম কুমাৰ মহন্তই ।